ETV Bharat / state

Ganesh Chaturthi 2023: তেজপুৰৰ গণেশ মন্দিৰত বিঘিনি নাশকৰ আশিস ল’লে ভক্তই

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 12:30 PM IST

আজি প্ৰথম পূজ্য শ্ৰীশ্ৰী গণেশৰ পূজা ৷ অৰ্থাৎ আজি গণেশ চতুৰ্থী ৷ সম্পূৰ্ণ ৰীতি-নীতিৰে বৈদিক মন্ত্ৰোচাৰণেৰে কৰা হৈছে ভগৱান গণেশৰ পূজা ৷ মঙলবাৰে পুৱাৰে পৰা তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰৰ প্ৰাংগণত ভক্তৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে ৷

Ganesh Chaturthi 2023
আজি গণেশ চতুৰ্থী
আজি গণেশ চতুৰ্থী

তেজপুৰ, ১৯ ছেপ্টেম্বৰ : আজি গণেশ চতুৰ্থী । গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ অন্যান্য মন্দিৰৰ লেখীয়াকৈ তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰৰ প্ৰাংগনত অগণন ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । পুৱাৰ পৰাই তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটত থকা গণেশ মন্দিৰত লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা হৈছে ৷ কিয়নো মঙলবাৰে পুৱা ১০.৫৭ বজালৈকেহে গণেশ চতুৰ্থীৰ শুভ লগন আছে ৷

চলিত বৰ্ষত গণেশ চতুৰ্থীৰ শুভ লগন সোমবাৰে পিছবেলাৰ পৰা আৰু মঙলবাৰে আগবেলা ভাগলৈহে আছে পূজাৰ শুভ লগন ৷ সেয়ে ধূপ দ্বীপ নৈবেদ্যৰে প্ৰথম পূজ্য ভগৱান গণেশ বাবাক পূজা অৰ্চনা কৰিবলৈ ৰাজ্যৰ গণেশ মন্দিৰসমূহত ৰাইজে ভিৰ কৰিছেহি ৷

Ganesh Chaturthi 2023
প্ৰথম পূজ্য শ্ৰীশ্ৰী গণেশৰ পূজা

ইফালে ভগৱান শ্ৰীশ্ৰী গণেশক পূজা কৰাৰ সময়ত যাতে কোনোধৰণৰ বিঘিনি নঘটে, তাৰ বাবে তেজপুৰৰ গণেশ মন্দিৰৰ পৰিচালনা সমিতিয়েও গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ তেজপুৰৰ গণেশ মন্দিৰৰ প্ৰাংগনত আৰক্ষীয়ে চোকা দৃষ্টি নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে । পুৰোহিতৰ মতে, মঙলবাৰ অৰ্থাৎ আজি পুৱা ১০.৫৭ বজালৈকেহে গণেশ চতুৰ্থীৰ শুভ লগন আছে যদিও নিশা পৰ্যন্ত মন্দিৰ প্ৰাংগণত ভক্তৰ ভিৰ দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, দেশৰ ভিন্ন ৰাজ্যত ভিন্ন ৰীতি-নীতিৰে পালন কৰা হয় গণেশ চতুৰ্থী ৷ বিশেষকৈ অসমত এদিনীয়াকৈ পালন কৰা হয় গণেশ চতুৰ্থী ৷ কিন্তু বহিঃৰাজ্য যেনে মহাৰাষ্ট্ৰ, দিল্লী, বেংগালুৰুত পাঁচৰ পৰা ছয় দিন পৰ্যন্ত অতি ধুম-ধামেৰে পালন কাৰ হয় দুখহৰ্তা শ্ৰীশ্ৰী বিনায়কৰ পূজা ৷ ইয়াৰ লগতে ভগৱান গণেশক বিভিন্ন মিঠাই প্ৰসাদ হিচাবে আগবঢ়োৱাৰ পৰম্পৰাও আছে ৷

লগতে পঢ়ক : Ganesh Chaturthi 2023: পুৰীৰ সাগৰৰ তীৰত বালি ষ্টীলৰ বাচনেৰে নিৰ্মাণ ভগৱান গণেশৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.