ETV Bharat / state

পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আগন্তুক 21 অক্টোবৰত পৰ্যটকৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰ্যটকৰ বাবে মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যানখন ৷

author img

By

Published : Oct 19, 2020, 12:10 PM IST

Kaziranga National Park will reopen
পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

তেজপুৰ,19 অক্টোবৰ : অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনঃমুকলিৰ বাবে প্ৰস্তুত হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । আগন্তুক 21 অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰ্যটকৰ বাবে মুকলি কৰিব এশিঙীয়া গঁড়ৰ বিচৰণ থলী ৰাষ্ট্ৰীয় উদ্যানখন । সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি পুনঃমুকলি কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যানখন ৷

Kaziranga National Park will reopen
পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই 5 অক্টোবৰতে উদ্যানখন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও প্ৰলয়ংকৰী বানৰ বাবে ই সম্ভৱ হোৱা নাছিল । উল্লেখ্য যে,চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ সংখ্যা বহুখিনি কমি আহিছিল আৰু মাৰ্চ মাহৰ মাজভাগলৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।

Kaziranga National Park will reopen
পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰীয় উদ্যানখনে এই বৰ্ষত প্ৰায় 1,75000 পৰ্যটকৰ আগমন ঘটিছিল যদিও বিগত বৰ্ষৰ তুলনাত ই যথেষ্ট কম । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ বাবে থকা চৰকাৰী কেন্দ্ৰ অৰণ্যৰ চলিত বৰ্ষৰ উপাৰ্জন আছিল 96 লাখ আৰু সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 1.5 কোটি,যিটো বিগত বৰ্ষৰ অৰণ্যৰ উপাৰ্জনৰ আধাহে মাত্ৰ । অকল 2019 বৰ্ষত অৰণ্যৰ পৰ্যটকৰ উপাৰ্জন আছিল 1.22 কোটি টকা । সম্প্ৰতি চলি থকা ক’ভিড-19ৰ নীতি-নিৰ্দেশনা অনুসৰি অসম চৰকাৰ তথা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ কেনেধৰণৰ আগমন ঘটে সেয়া পৰৱৰ্তী সময়ত অৱগত কৰিব ।

লগতে পঢ়ক : কঠিয়াতলীত বিদ্যুত বিভাগৰ কাৰ্যালয়ত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.