ETV Bharat / state

Sand Scam: কৰ্তব্যৰত সময়ত সাংবাদিকক পণবন্দী বালি মাফিয়াৰ - ধনদাবী

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিবলৈ চেষ্টা শিল আৰু বালি মাফিয়াৰ (Journalists detained by sand mafia) ৷

Journalists detained by sand mafia
কৰ্তব্যৰত সময়ত সাংবাদিকক পনবন্দী বালি মাফিয়াৰ
author img

By

Published : Mar 3, 2023, 11:00 PM IST

কৰ্তব্যৰত সময়ত সাংবাদিকক পণবন্দী বালি মাফিয়াৰ

বিহালী, 3 মাৰ্চ: বিহালীত শিল আৰু বালি মাফিয়াৰ দৌৰাত্ম্য (Sand Scam at Bihali) ৷ নীতি বৰ্হিভূতভাৱে খনন কাৰ্য চলোৱা শিল আৰু বালি মাফিয়াৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় বালি মাফিয়াৰ দলে ৷ বিহালীৰ বৰজাৰণীত বন মাফিয়াই চৰকাৰী নিয়ম উলংঘা কৰি নিজ খেয়াল খুচি মতে খান্দিছে বৰগাং নৈৰ বুকু ৷

অভিযোগ অনুসৰি মজিবুৰ ৰহমান নামৰ বন মাফিয়াৰ গুণ্ডা বাহিনীৰ দলে বন আইন উলংঘা কৰি দিনে নিশাই 20 খনতকৈও অধিক এক্সেভেটৰ লগাই বৰগাং নদীৰ বুকুত 50-60 ফুট গভীৰতালৈকে খনন চলাইছে ৷ ফলত বৰগাং নদীৰ সিপাৰে বগীজুলিত বসবাস কৰা লোকসকলৰ যাতায়তৰ ক্ষেত্ৰত ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ নদীৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খন্দাৰ বাবে বাৰিষা কালত নদীৰ সিপাৰৰ লোকসকলৰ নদী পাৰ হোৱাত যথেষ্ট অসুবিধা হয় ৷

শেহতীয়াকৈ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰগাং নদীৰ বন মাফিয়া মজিবুৰ ৰহমানৰ গুণ্ডা বাহিনীয়ে স্থানীয় লোকে অহা-যোৱা কৰা নদী পথত অবাধ গতিত গভীৰ খনন চলোৱাৰ বাতৰি সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত বন মাফিয়া মজিবুৰ ৰহমানে আক্ৰমণ কৰিবলৈ উদ্যত হয় সংবাদিকগৰাকীক (Journalists detained by sand mafia) ৷ সাংবাদিকৰ দলটোক আগভেটি ধৰি পূৰ্ব পৰিকল্পিতভাৱে ধনদাবী কৰা বুলি ব্লেকমেইল কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷

আনহাতে মাফিয়াটোৱে "কাৰ অনুমতিলৈ প্ৰৱেশ কৰিলি , কোন হয় তই'' আদি কৈ দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও ভিডিঅ জাৰ্নেলিষ্টগৰাকীক পনবন্দী কৰাৰ চেষ্টা চলাই হাতত থকা কেমেৰাটো কাঢ়ি নিবলৈ প্ৰয়াস কৰে ৷ ইমানেই নহয় অতি অসাংবিধানিক শব্দৰে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ পিছে পিছে খেদি আহে বালি মাফিয়াই ৷

পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত সেই স্থানৰ পৰা পলায়ন কৰে মজিবুৰ ৰহমানে ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত সাংবাদিক দিগন্ত শইকীয়াই বিহালীৰ তিনিসুঁতি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ ইফালে চৰকাৰী নিয়ম অনুসৰি 5 বজাৰ লগে লগে খনন কাৰ্য বন্ধ কৰিব লাগে যদিও বন বিভাগৰ লগত মিতিৰালি কৰি দুপৰ নিশালৈকে নদীখনত খনন কাৰ্য চলাই আছে বন মাফিয়াই ৷ এই ঘটনাক এতিয়া একেমুখে গৰিহণা দিছে বিহালীৰ বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক:Operation against corruption: ঘোচ লৈ একেদিনাই হাত দাঙিলে তিনি চৰকাৰী কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.