ETV Bharat / state

IDF Ex-Officer in Tezpur : ইজৰাইল সেনা বাহিনীৰ প্ৰাক্তন বিষয়াৰে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ, কি ক’লে যুদ্ধভূমি সন্দৰ্ভত - israel defence officer assam visit

85 বছৰ বয়সীয়া ইজৰাইলী লোকজন আহিছে অসমলৈ ৷ অসমভূমিত উপস্থিত হৈ মন্ত্ৰমুগ্ধ হৈ কি ক’লে প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ৷ ইজৰাইল সেনাৰ এইগৰাকী প্ৰাক্তন বিষয়াৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ আছুতীয়া সাক্ষাৎকাৰ ৷

IDF EX Officer in Tezpur
ইজৰাইল সেনা বাহিনীৰ প্ৰাক্তন বিষয়াৰে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 5:20 PM IST

Updated : Nov 14, 2023, 10:22 PM IST

ইজৰাইল সেনা বাহিনীৰ প্ৰাক্তন বিষয়াৰে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

তেজপুৰ, ১৪ নৱেম্বৰ : ইজৰাইলত যোৱা ৭ অক্টোবৰত গাজা পট্টিৰ পৰা ইজৰাইলৰ নাগৰিকৰ ওপৰত কৰা ভয়ানক আক্ৰমণৰ জীৱন্ত সাক্ষী অসমৰ এজন যুৱক আৰু অচকলোনৰ এগৰাকী প্ৰাক্তন ইজৰাইলী সেনা বাহিনীৰ বিষয়া । নাম তেওঁৰ অমি কাশ্বেট ৷ অচকলোনৰ নাগৰিক অমি কাশ্বেটে ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষৎকাৰত অশ্ৰুসিক্ত নয়নৰে কয় যে ১০ মহীয়া শিশুৰ ওপৰত হামাছে যি পাশৱিক অত্যাচাৰ কৰিলে সমগ্ৰ বিশ্ব তাৰ সাক্ষী হৈ ৰ’ল ।

উক্ত ঘটনাৰ বৰ্ণনা কৰিবলৈ ভাষা বিচাৰি পোৱা নাই বুলি ক’লে ইজৰাইলৰ প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ৷ ৮৫ বছৰ বয়সীয়া প্ৰাক্তন ইজৰাইলী সেনা বিষয়াগৰাকীয়ে কয় যে তেওঁ ভাৰত ভ্ৰমণৰ বাবে বিগত তিনি বছৰৰ পৰা সুযোগ বিচাৰি আছিল ৷ অৱশেষত তেওঁৰ সেই সপোন পূৰণ হোৱাত গংগা আৰু ব্ৰহ্মপুত্ৰৰ পানীৰে স্নান কৰি জীৱন সাৰ্থক কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

অসমত উপস্থিত হৈ তেওঁ যুদ্ধৰ সময়ৰ পৰিৱেশ বৰ্ণনা কৰে আৰু দুখ প্ৰকাশ কৰে যে যিসকল লোকক হামাছে বন্দী কৰি লৈ গৈছে সেইসকল লোকৰ সন্দৰ্ভত ক’বপৰাকৈ একো নাই ৷ সেইসকল লোকৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে যে ইউনাইটেড ষ্টেটছ আৰু ৰেড ক্ৰছৰ দ্বাৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰক যাতে তেওঁলোক সুস্থ শৰীৰেৰে পুনৰ ইজৰাইললৈ ঘূৰি আহিব পাৰে ৷ আনহাতে উক্ত ঘটনাৰ আঁৰত কাটাৰ জড়িত থকাৰ কথা ক’লে অমিয়ে ।

ইয়াৰোপৰি তেওঁ কয় যে উক্ত যুদ্ধ জনসাধাৰণৰ লগত সেনাৰ নহয়, সেনা আৰু উগ্ৰপন্থীৰ মাজতহে হৈছে । ইজৰাইলৰ সেনা থকালৈকে ইজৰাইলৰ নাগৰিকৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলিও প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে মন্তব্য কৰে । আনহাতে অসমত উপস্থিত হৈ গংগা আৰু ব্ৰহ্মপুত্ৰৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল ইজৰাইলৰ প্ৰাক্তন সেনা বিষয়াগৰাকীক ।

আনহাতে অসমৰ যুৱক তুলাৰাম ছেত্ৰীয়ে বৰ্ণনা কৰিলে প্ৰথম আক্ৰমণত ইজৰাইলৰ প্ৰশাসনে যুদ্ধৰ বিপদশিঙা বজোৱাৰ পাচত কেনেদৰে সুৰংগৰ তলত পাৰ কৰিছিল এক বিপদসংকুল পৰিস্থিতি ৷ তুলাৰাম ছেত্ৰীয়ে জনায় যে ৮৫ বছৰীয়া প্ৰাক্তন সেনা বিষয়াগৰাকীক লগত লৈ তেওঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিব ।

উল্লেখ্য যে, ভূমধ্য সাগৰৰ পাৰত থকা ইজৰাইলৰ চাউথ জিলা হৈছে অচকলোন গাজাৰ পৰা মাত্ৰ ১৩ কিলোমিটাৰ নিলগত ৷ ৭ অক্টোবৰ তাৰিখৰ ঘটনাই যেন বাৰুকৈয়ে সাঁচ বহুৱাই গ’ল প্ৰাক্তন ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ বিষয়াগৰাকীৰ মনত ৷ অমি কাছেটে প্ৰতিৰক্ষা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচত ইজৰাইল আৰক্ষীত ২০ বছৰ ধৰি কৰ্মৰত আছিল ৷

লগতে পঢ়ক : Israel Hamas war: ৰঙিয়াত পেলেষ্টাইন-ইজৰাইল যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated : Nov 14, 2023, 10:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.