ETV Bharat / state

কোভিড-19 সন্ত্ৰাসঃ ভাৰতীয় সেনা আৰু নৌ সেনাৰ বিশেষ নিয়ন্ত্ৰণ - quarantine test

সমগ্ৰ বিশ্বত কৰ'ণা সন্ত্ৰাস ৷ কৰ'ণা ভাইৰাছক কেন্দ্ৰ কৰি কটকটীয়া কৰা হৈছে প্ৰতিৰক্ষা ব্যৱস্থা ৷ স্বাস্থ্যৰ পৰীক্ষা চলিছে বিদেশী ৰাষ্ট্ৰৰ পৰা অহা বিদেশী লোকসকলৰ ৷ তাৰ মাজতে কানাডাৰ এটা ঔষধ কোম্পানীৰ ভেকচিন আৱিষ্কাৰ ৷

indian-army-and-navy-close-monitor-of-covid-19-cases-44-passanger-from-iran-kept-in-mumbai-for-quarantine-test
কোভিড-19 সন্ত্ৰাসঃ ভাৰতীয় সেনা আৰু নৌ সেনাৰ বিশেষ নিয়ন্ত্ৰণ
author img

By

Published : Mar 14, 2020, 2:51 PM IST

তেজপুৰ,১৪ মাৰ্চঃ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছ COVID-19 এ এতিয়া তোলপাৰ লগাইছে ভাৰতবৰ্ষত । বৰ্তমানলৈকে ভাৰতত আক্ৰান্তৰ সংখ্যা 83 জনলৈ বৃদ্ধি পোৱা সময়তে এক বিশেষ খবৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ৷ শেহতীয়াকৈ COVID-19 ৰ ভেকচিন আৱিষ্কাৰ কৰা বুলি কানাডাৰ এটা ঔষধ কোম্পানীয়ে দাবী উত্থাপন কৰিছে । আমেৰিকাৰ সেনাবাহিনীৰ মুখ্য কাৰ্যালয় পেন্টাগণৰ বিত্তীয় সাহাৰ্য্য লাভ কৰা মেডিকেগো নামৰ কানাডা কোম্পানীয়ে কৰ'ণা ভাইৰাছ আৱিষ্কাৰ হোৱাৰ 20 দিন পিছতে এই ভেকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় বুলি প্ৰকাশ পায় ।

indian-army-and-navy-close-monitor-of-covid-19-cases-44-passanger-from-iran-kept-in-mumbai-for-quarantine-test
দেশী নাগৰিকৰ স্বাস্থ্য পৰীক্ষা

ইতিমধ্যে ভাৰতত এই পৰ্যন্ত 85 জন লোকৰ শৰীৰত এই বীজাণু ধৰা পৰে ইয়াৰ ভিতৰত 68 জন ভাৰতীয় 17 জন বিদেশৰ নাগৰিক তাৰ ভিতৰত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে । কেন্দ্ৰীয় চৰকাৰে 13 মাৰ্চৰ পৰা 6 খন দেশলৈ ভাৰতৰ পৰা যোৱা বিমান চলাচল নিষিদ্ধ ঘোষণা কৰিছে । এতিয়াৰ পৰা ইটালী ,ফ্ৰাঞ্চ, কুৱাইট, বাৰছিলোনা আৰু কলম্বো লৈ 30 এপ্ৰিললৈ বিমান চলাচল বন্ধ থাকিব । আনহাতে,অসম চৰকাৰেও এই সমগ্ৰ দিশতে লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো জন সমাগম তথা চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে । আজি শোণিতপুৰৰ ৰঙাপাৰত অনুষ্ঠিত হ'ব লগীয়া চাহ জনজাতিৰ "কাঁচা সোনা 2020" শীৰ্ষক সংস্কতিক মহোৎসৱৰ বাতিল কৰে ।

উল্লেখযোগ্য যে, চীনৰ সৈতে ভাৰতৰ সীমান্তৰ দৈৰ্ঘ ৩,৪৮৮ কিলোমিটাৰ । সূত্ৰ অনুসৰি ভাৰতত ৫৬ টা ভাইৰাছ গৱেষণাৰ নিৰাময় কেন্দ্ৰ (VRDLS) Virus Research Diagnostic Laboratories ইয়াৰ আৰু ৫৬ টা পৰৱৰ্তী একমাহত সম্পূৰ্ণ হোৱাৰ কথা । ভাৰতত বৰ্তমানলৈকে প্ৰায় ১,০৫৭,৫০৬ মিলিয়ন লোকক ৩০ খন বিমানবন্দৰ আৰু ৭৭ টা সাগৰীয় বন্দৰত স্ক্ৰেনিং কৰিছে এই ভাইৰাছৰ বাবে । সেনা বাহিনীৰ বিভিন্ন ঠাইত সকলো কৰ্পছৰ অধীনত ট্ৰেনজিত কেম্পৰ ব্যৱস্থা কৰি ১৪ দিনলৈকে পৰ্যবেক্ষণত ৰখা হৈছে। ভাৰতীয় নৌ সেনাৰ 'Western Naval Command(WNC)' য়ে ১০০ খন বিচনাযুক্ত Quarantine কেম্প মুম্বাইৰ ঘটকপাৰত COVID-19 ৰ পৰ্যবেক্ষণ কৰি আছে । WNC য়ে শুকুৰবাৰে এখন ইৰাণৰ বিমানৰ পৰা মুম্বাইৰ বিমানবন্দৰত ৪৪ জন ভাৰতীয়ক ৰাখি দুসপ্তাহৰ Quarantine চিকিৎসাৰ বাবে আবদ্ধ কৰি ৰাখিছে বুলি সেনাবাহিনীৰ সূত্ৰত প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে সেনাবাহিনীৰ তৰফৰ পৰা ২৬৫ জন লোকক সেনাবাহিনীৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

বিদেশী নাগৰিকৰ স্বাস্থ্য পৰীক্ষা

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাত মুঠ ৩৭ জন লোকক এক বিশেষ Isolationত ৰখা হৈছে যদিও বৰ্তমান লৈকে এজনো পজিটিভ পোৱা নাই বুলি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেয়ে সদৰী কৰিছে । ভাৰতে ইতিমধ্যে ১৫ টনৰো অধিক চিকিৎসা সামগ্ৰীৰ লগতে মাস্ক,গ্ল'ভছ আৰু জৰুৰীকালীন সামগ্ৰী চীনলৈ ইতিপূৰ্বে প্ৰেৰণ কৰিছে । কিন্তু এতিয়া প্ৰশ্ন হয়,ভাৰতত বৃদ্ধি হোৱা এই মাৰাত্মক ভাইৰাছ কেনেদৰে ৰোধ কৰিবলৈ সক্ষম হ'ব চৰকাৰে,নে কানাডাৰ ঔষধ কোম্পানীৰ এই ভেকচিনৰ ওপৰত পৰ্যালোচনা কৰিব সেয়া সময়তহে নিশ্চিত হ'ব ।

লগতে পঢ়কঃকৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ছাৰ্কৰ সহযোগিতাক লৈ আশাবাদী প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.