তেজপুৰ,23 মাৰ্চঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কৰ’ণা ভাইৰাছ আতংকৰ সময়ত ৰাইজৰ সেৱাৰ বাবে অহৰহ নিয়োজিত হৈ থকা সকলো চিকিৎসা কৰ্মীক প্ৰশংসা স্বস্থ্যমন্ত্ৰী গৰাকীৰ ৷
উল্লেখ্য যে,দেওবাৰে নিশা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ বিষয়াৰ লগত এক আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছতেই সোমবাৰে পুৱা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় ৷ ইতিমধ্যে ৰাজ্যত 31 মাৰ্চলৈকে বন্ধ ঘোষণা কৰা হৈছে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে জনসমাগম ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ চিকিৎসালয়তে তৈয়াৰ কৰি তোলা হৈছে আছুতীয়া কক্ষ ৷
লগতে পঢ়ক-কৰ'ণাৰ সজাগতা : বৰপেটাত স্তব্ধ জনজীৱন !