ETV Bharat / state

Gulab Chand Kataria: অশোকস্তম্ভ সম্বলিত চকীত ধৰ্মগুৰুক বহুৱালে ৰাজ্যপালে

author img

By

Published : Apr 29, 2023, 11:07 PM IST

ৰজাতকৈ গুৰুৰ আসন ওপৰত, ৰাজ্যপালে নিজ আসন এৰি দিলে গুৰুক ৷ তেজপুৰত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই প্ৰটকল নামানি ৰাজ্যপালৰ অশোকস্তম্ভ সম্বলিত চকীত বহুৱালে ধৰ্মগুৰুক ৷ সনাতনী পৰম্পৰা ৰক্ষা কৰি মঞ্চত সাধাৰণ চকীত বহিল ৰাজ্যপাল ৷

gulab chand kataria
ৰাজ্যপালে নিজ আসন এৰি দিলে
ৰাজ্যপালে নিজ আসন এৰি দিলে

তেজপুৰ, ২৯ এপ্ৰিল : ঋষি-মুনিৰ সেই তাহানিৰ দিন ধৰি আজিকোপতি জ্যেষ্ঠজনক উপযুক্ত সন্মান যঁচাটো ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিচায়ক ৷ তেজপুৰত ৰাজ্যপালে নিজৰ আসন এৰি দি তাৰেই যেন পৰিচয় বহন কৰিলে ৷ উল্লেখ্য যে, দিনজোৰা কাৰ্যসূচীৰে আজি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া উপস্থিত হয় তেজপুৰত ৷ তেজপুৰ ঘোঁৰামাৰীত BIHOMGOM YOGA INSTITUTE OF COW MANAGEMENT ৰ উদ্যোগত ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমবাৰলৈ অনুষ্ঠিত গো সংৰক্ষণ, সংবৰ্ধন আৰু গো আধাৰত ব্যৱহাৰ, বিকাশৰ বাবে “গৌ-কুম্ভ” আৰু “মহৰ্ষি সদাকলদেৱ বিশ্ব শান্তি বৈদ্যিক মহাযজ্ঞ”ত উপস্থিত হয় ৰাজ্যপাল কাটাৰীয়া (Gulab Chand Kataria in Tezpur) ৷

মূলতঃ গো-শালা উদ্বোধন তথা শিলান্যাস কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি অনন্তশ্ৰী সদগুৰু স্বতন্ত্ৰ দেৱজী মহাৰাজক এৰি দিয়ে নিজৰ আসন ৷ ৰাজ্যপালে আসন এৰি দিয়া কাৰ্যক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পৰিচায়ক বুলি খোদ ৰাজ্যপালে উল্লেখ কৰাৰ সমান্তৰালকৈ অনুষ্ঠানত উপস্থিত থকা আন গৰাকী বিশিষ্ট অতিথি সদগুৰু উত্তৰাধিকাৰী সন্ত প্ৰবৰ শ্ৰী বিজ্ঞান দেৱজী মহাৰাজেও একে কথাকে উল্লেখ কৰে ৷

ৰাজ্যপাল গৰাকীয়ে এনে গো-শালাৰ জৰিয়তে সৰ্বদিশত সকলো লাভাম্বিত হোৱাৰ এক বাট প্ৰকট হোৱাৰ কথাও উল্লেখ কৰে ৷ আনহাতে, ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সন্দৰ্ভত কয়, “যিহেতু মই সাংবিধানিক পদত আছো, গতিকে সেই ক্ষেত্ৰত মন্তব্য দিয়াটো কঠিন ৷ মন্তব্য প্ৰদানৰ কাম ৰাজ্য চৰকাৰৰ ওপৰত এৰি দিছো ৷ কাইলৈ মইও অৱসৰ ল’ম ৷ সেইবুলি সাংবিধানিক পদত থাকি মই মন্তব্য কৰিব নোৱাৰোঁ ৷ মুঠতে সাংবিধানিক পদত থাকিলে সেই পদৰ মৰ্যাদা অনুসৰি মন্তব্য প্ৰদান কৰিব লাগে’’ (Gulab Chand Kataria latest news) ৷

এই অনুষ্ঠানত ৰাজ্যপালৰ লগতে সদগুৰু সতন্ৰ দেবজী মহাৰাজ আৰু সদগুৰু বিজ্ঞান দেবজী মহাৰাজৰ লগতে তেজপুৰৰ সাংসদ পল্লব লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃঞ্চকমল তাঁতী উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ঘোঁৰামাৰীত গো-শালা উদ্বোধনৰ পিছতে তেজপুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ জিৰণি লোৱাৰ লগতে তেজপুৰত ভাৰতীয় সেনা বাহিনী চতুৰ্থ ক'ৰৰ শীৰ্ষ বিষয়াৰে সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷

ইয়াৰ পিচতে ৰাজ্যপাল কাটাৰীয়াই তেজপুৰৰ চিত্ৰলেখা উদ্যানত নতুনকৈ নিৰ্মাণ কৰা এখন তোৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰে আৰু তেজপুৰ চিত্ৰলেখা উদ্যানৰ নান্দনিক পৰিৱেশ উপভোগ কৰি গুৱাহাটী অভিমুখে ৰাওনা হয় ৷

লগতে পঢ়ক : Assam cabinet decision: 3, 4 মে’ত তৃতীয় তথা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.