তেজপুৰ, ২৭ জুলাই : নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)য়ে অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ অভিযান প্ৰায় প্ৰতিদিনে আটক হৈছে নিচাযুক্ত সামগ্ৰীসহ সৰবৰাহকাৰী ৷ তেজপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷
তেজপুৰ আৰক্ষীয়ে সোমবাৰে পুনৰ অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীজন ৰমণী বৰা বুলি জানিব পৰা হৈছে ৷ বৰাৰ পৰা আৰক্ষীয়ে প্ৰায় ২.৫ কিল’গ্ৰাম ভাং জব্দ কৰে ৷
ধৃত সৰবৰাহকাৰীজনৰ ঘৰ তেজপুৰ দ-পৰ্বতীয়াত ৷
আটকাধীন ৰমণী বৰাই তেজপুৰ চহৰত দীৰ্ঘদিনৰ পৰা গাঞ্জা (Ganja)ৰ ব্যৱসায় চলাই আহিছিল ৷ তেজপুৰৰ লালমাটি আৰক্ষীয়ে সোমবাৰে অভিযান চলাই ৰমণী বৰাৰ ঘৰত লুকুৱাই থোৱা গাঞ্জাখিনি জব্দ কৰাৰ লগতে বৰাক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাৰ কাষৰীয়া অঞ্চলসমূহত লক ডাউনৰ সময়তো অব্যাহত আছে ড্ৰাগছ আৰু গাঞ্জাৰ অবৈধ সৰবৰাহ । অঞ্চলটোৰ বিভিন্ন সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানত একাংশ ব্যৱসায়ীয়ে গাঞ্জা ৰাখি গোপনে এই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক : নতুন ক’ভিড SOP : সম্পূৰ্ণৰূপে বন্ধ থাকিব গোলাঘাট-লখিমপুৰ