ৰঙাপাৰা, 22 জুলাই: ৰঙাপৰাত চাৰি গৰাকী ৰে'লৱে আৰক্ষীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ ৰে'লৱে সুৰক্ষা বাহিনীত কৰ্মৰত মুখ্য কনিষ্টবল দেবেন মজুমদাৰ আৰু কুমুদ ৰাভা, উপ-পৰিদৰ্শক বি.কে. গিৰিৰ লগতে আৰক্ষী বেৰেকৰ ৰান্ধনী মানিক কুমাৰ দে'ৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি ৷ আক্ৰান্ত চাৰিওগৰাকী লোককে সম্প্ৰতি প্ৰেৰণ কৰা হৈছে তেজপুৰ চিকিৎসালয়লৈ ৷
উল্লেখ্য যে, COVID-19ত আক্ৰান্ত ৰান্ধনী মানিক কুমাৰ দে'ৰ নাছিল কোনো ভ্ৰমণ বৃত্তান্ত ৷ আক্ৰান্ত ৰান্ধনী গৰাকীয়ে বজাৰ কৰিবলৈ গৈছিল ৰঙপৰাৰ ভিন্ন বজাৰলৈয়ো ৷ যাৰ বাবে স্থানীয় লোকে সম্প্ৰতি গণ সংক্ৰমণৰ আশংকা কৰিছে বৃহত্তৰ অঞ্চলটোত ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ লোকে ৰে'লৱে আৰক্ষী বিভাগৰ বেৰেকত উপস্থিত হৈ সেইস্থান কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ ছীল কৰি দিয়া হৈছে ৰঙপৰাৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ বেৰেকটো ৷ লগতে আক্ৰান্ত ৰান্ধনি গৰাকীৰ বাসগৃহটোৰ সকলো সদস্যকে হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইয়াৰোপৰি জিলা প্ৰশাসনে সমগ্ৰ অঞ্চল চেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক: চিৰাংত 24 ঘন্টাত ক'ভিড-19 ত আক্ৰান্ত 28 গৰাকী লোক