ETV Bharat / state

Border Rorads Organization: বৰ্ডাৰ ৰোডছৰ প্ৰতিষ্ঠা দিৱস পালন - বৰ্ডাৰ ৰোডছৰ প্ৰতিষ্ঠা দিৱস পালন

শনিবাৰে ভাৰতীয় সেনাৰ বৰ্ডাৰ ৰোডছৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় সংগঠনটোৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস (Foundation Day of Border Roads Organization observed) ৷ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীতে 44 গৰাকী বিষয়াক সন্মান প্ৰদান কৰাৰ লগতে 40 গৰাকী কৰ্মচাৰীক মুখ্য অভিযন্তাৰ দক্ষতাৰ বঁটাৰে পুৰস্কৃতও কৰা হয় ৷

63rd Foundation Day celebrated at Border Road Headquarters Project Board
বৰ্ডাৰ ৰোডছৰ মুখ্য কাৰ্যালয় প্ৰজেক্ট ভৰ্ত্তকত 63 তম প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : May 7, 2022, 1:38 PM IST

তেজপুৰ, 7 মে' : শনিবাৰে ভাৰতীয় সেনা বাহিনীৰ সীমান্ত পথ সুৰক্ষা সংস্থা চমুকৈ বি আৰ অ’ৰ মুখ্য কাৰ্যালয় তেজপুৰৰ প্ৰজেক্ট ভৰ্ত্তকত ৬৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (Foundation Day of the Border Roads Organization observed) । এই অনুষ্ঠানতে জোৱানসকলে সীমান্ত পথ সুৰক্ষা সংস্থাৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানত সুৰক্ষা বাহিনীৰ বিষয়া আৰু সাহসী জোৱানসকলক উদ্দেশ্যি বক্তব্যও প্ৰদান কৰা হয় ৷

63rd Foundation Day celebrated at Border Road Headquarters Project Board
বৰ্ডাৰ ৰোডছৰ মুখ্য কাৰ্যালয় প্ৰজেক্ট ভৰ্ত্তকত 63 তম প্ৰতিষ্ঠা দিৱস পালন

উল্লেখ্য যে, বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন বি আৰ অ'ৰ 1960 চনৰ 7 মে'ত গঠন হৈছিল ৷ ১৯৬৩ চনত প্ৰজেক্ট ভৰ্ত্তক হিচাবে নামাংকৃত হোৱা সেনাৰ এই শাখাৰ প্ৰধান কাম আছিল সীমান্তৰ পথ সংযোজন আৰু উন্নয়ন । যোৱা কিছু দশকত অৰুনাছল প্ৰদেশৰ বিশেষকৈ পশ্ছিম অৰুনাছল প্ৰদেশৰ ভিতৰুৱা আৰু দুৰ্গম ঠাইত পথ উন্নয়নৰ ক্ষেত্ৰত প্ৰজেক্ট ভৰ্ত্তকে যঠেষ্ট কাম কৰিছে ।

শনিবাৰৰ অনুষ্ঠানটোত 44 গৰাকী বিষয়াই যোগ্যতাৰ সন্মান অৰ্জন কৰাৰ লগতে 40 গৰাকী কৰ্মচাৰীয়ে মুখ্য অভিযন্তাৰ দক্ষতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । এই ভৰ্ত্তকৰ অধীনত বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈ উঠিছে ৷

আনকি এই পথৰ ওপৰত দুটা বৃহৎ সুৰংগৰ চেলা আৰু নিচিফুৰ কামো এই প্ৰজেক্ট ভৰ্ত্তকৰ অধীনত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত এই কথা ঘোষণা কৰে মুখ্য অভিযন্তা ব্ৰিগেদিয়েৰ হৰিশ কুমাৰে ।

লগতে পঢ়ক : পুনৰ বিকল মাজুলী-নিমাতিৰ মাজৰ ৰ'পেক্স ফেৰী সেৱা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.