ETV Bharat / state

Eviction in Bura Chapori: বুঢ়া চাপৰিত গুলীচালনাৰ ঘটনা, এজন নিহত, আহত তিনি বনকৰ্মী

author img

By

Published : Jul 17, 2023, 4:28 PM IST

শোণিতপুৰৰ বুঢ়া চাপৰি সংৰক্ষিত অঞ্চলত বেদখলকাৰী আৰু বনকৰ্মীৰ মাজত সংঘাত ৷ বেদখলকাৰীক বাধা প্ৰদান কৰিবলৈ যোৱা বনকৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ ৷ পৰিস্থিত অধিক উত্তপ্ত হৈ পৰাত প্ৰাণৰ মমতাত বনকৰ্মীয়ে শূণ্যলৈ গুলীচালনা কৰে ৷

Eviction in Bura Chapori
বেদখলকাৰীৰ আক্ৰমণত আহত তিনি বনকৰ্মী

তেজপুৰ,১৭ জুলাই : শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলত গুলীচালনাৰ ঘটনা । বনকৰ্মীয়ে গুলীচালনা কৰা বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি বেদখলকাৰী আৰু বনকৰ্মীসকলৰ প্ৰথমে বাক বিতণ্ডাত লিপ্ত হয় ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে, ফলত বনকৰ্মীয়ে শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷ জানিব পৰা মতে এই ঘটনাত তিনিজন বনকৰ্মী সহ পাঁচজনকৈ লোক আহত হৈছে ৷ আনহাতে এই ঘটনাত এগৰাকী মহিলা নিহত হৈছে ৷ নিহত মহিলা গৰাকীৰ নাম ফাতেমা খাতুন বুলি জানিব পৰা গৈছে ৷

বন বিভাগৰ এক সূত্ৰত প্ৰকাশ কৰা মতে, বিগত সময়ত বেদখলমুক্ত কৰা চিতলমাৰী অঞ্চলত পুনৰ বেদখলকাৰী সকলে অবৈধ বাবে বসতি স্থাপন কৰে ৷ বন বিভাগৰ লোকে উক্ত অঞ্চলৰ পৰা বেদখলকাৰী সকলক আঁতৰাই পঠোৱাৰ সময়তে সোমবাৰে দিনৰ ভাগত বেদখলকাৰীয়ে হাতে হাতে চোকা অস্ত্ৰ লৈ বনকৰ্মীৰ দলক আক্ৰমণ কৰে ৷ ফলত তিনিজন বন কৰ্মী গুৰুতৰ ভাবে আহত হৈছে ৷

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে বনকৰ্মীয়ে গুলীচালনা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে শোণিতপুৰ জিলাৰ আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । উল্লেখযোগ্য যে শোণিতপুৰ জিলা প্ৰশাসনে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ উচ্ছেদ অভিযানত চলাইছিল উক্ত অঞ্চলত ৷ উল্লেখ্য যে সেই সময়ত বুঢ়াচাপৰিত মুঠ ১,৮৯২ হেক্টৰ ভূমি ২,৫৫৩ টা ঘৰৰ ১১,৬১০ জন লোকে বেদখল কৰি আছিল । উচ্ছেদ অভিযানত মুঠ 2099 হেক্টৰ ভূমি বেদখলকাৰী কবলৰ পৰা মুকলি কৰিছিল প্ৰশাসনে ।

সোমবাৰে বেদলখলকাৰীয়ে পুনৰ উচ্ছেদস্থলীত বসতি আৰম্ভ কৰাত বনকৰ্মীয়ে বেদখলকাৰী সকলক আঁতৰি যাবলৈ কোৱাত উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয় ৷ এই ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক:Tigress death in Kaziranga: কাজিৰঙাত মৃত বাঘিনী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.