ETV Bharat / state

Excavation of Mora Bharali: তেজপুৰৰ মৰা ভৰলী নৈৰ খননকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

author img

By

Published : Mar 25, 2023, 8:09 PM IST

তেজপুৰৰ মৰা ভৰলী নৈৰ খনন কাৰ্য আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আটাইতকৈ বেছি ভয় কৰে সেই কথাও সাংবাদিকৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিৰোধীকো চকু চৰহা আখ্যা পীয়ূষ হাজৰীকাৰ (Piyush Hazarika slams opposition) ৷

Excavation of Mora Bharali
তেজপুৰৰ মৰা ভৰলী নৈৰ খননকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

তেজপুৰ, ২৫ মাৰ্চ: মুখ্যমন্ত্ৰীৰ আটাইতকৈ বিশ্বস্ত সহযোগী তথা ঘনিষ্ঠ মন্ত্ৰী পীয়ূষ হাজৰীকাই ভয় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ কিয় ভয় কৰে সেয়া ৰাজহুৱা কৰিলে তেজপুৰত ৷ শনিবাৰে তেজপুৰৰ পৰুৱাৰ মৰা ভৰলী দলঙৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলিলৈ মুঠ ১৫ কোটি টকাৰ ব্যয়ৰে আৰম্ভ হোৱা খননকাৰ্যৰ শুভাৰম্ভ কৰি অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে (Pisyush Hazarika on Assam CM) ৷

মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতাক ভয় কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই ৷ তাহানিৰ দাদা বিগ্ৰেডৰ অন্যতম সহযোগী সাংসদ পল্লৱ লোচন দাস আৰু মন্ত্ৰী পীয়ূষক বেছি মৰম কৰে সকলোতকৈ ৷ যাৰবাবে তেওঁলোকে আজিৰ এই স্থান লাভ কৰিছে ৷ কিন্তু অসমক দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত গঢ়িবলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে কৰা ত্যাগৰ কথা স্বীকাৰ কৰি এই কথা অকপটে কৈ পেলালে মন্ত্ৰী পীয়ূষ হাজৰীকাই ৷

পীয়ূষ হাজৰীকাই কয়, ‘‘ মুখ্যমন্ত্ৰীলৈ মোৰ আটাইতকৈ ভয় লাগে ৷ মন্ত্ৰী হিচাবে তেখেতৰ দৃষ্টিত কিমানদূৰ সফল হৈছো সেই কথা ভাবি ভয় লাগে ৷” নিশা আঢ়ৈ বজালৈকে কাম কৰা মুখ্যমন্ত্ৰীক আকৌ পুৱা ৭.৩০ বজাত সক্ৰিয় ৰূপত পোৱাৰ কথা উল্লেখ কৰি পীয়ূষ হাজৰীকাই ৰাজহুৱাকৈয়ে ক’লে,‘‘দাদা হিচাবে নহয় ৷ মুখ্যমন্ত্ৰী হিচাবে মোৰ হ’লে যথেষ্ট ভয় লাগে তেখেতক ৷”

ইফালে, তেজপুৰ জলসম্পদ বিভাগৰ উদ্যোগত আয়োজিত মৰা ভৰলী খননৰ শুভাৰম্ভণিৰ পাচতে মন্ত্ৰী পীয়ূষ হাজৰীকাই আগবঢ়োৱা ভাষণত বিভাগীয় ঠিকাদাৰক উদ্দেশ্যি কয়, ‘‘এতিয়াৰে পৰা কাম কৰিলে পূৰ্বৰ দৰে অধিক মুনাফা আদায় কৰিব নোৱাৰিব ৷ ঠিকাদাৰ হিচাবে কামৰ বিনিময়ত প্ৰয়োজনীয় কমিছনহে মাত্ৰ লাভ কৰিব (Piyush Hazarika warns contractors) ৷’’

আনহাতে, বিৰোধীক ‘চকু চৰহা’ আখ্যা দি বহু উদাহৰণেৰে থকা-সৰকা কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাহিৰত কেবিনেট অনুষ্ঠিত কৰা কাৰ্যক বিৰোধীয়ে সমালোচনা কৰি অহা প্ৰসংগৰ লগতে দিল্লীত লাচিত দিৱস অনুষ্ঠিত কৰা সন্দৰ্ভতো স্পষ্টীকৰণ দি কঠোৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷’’

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ পীয়ূষ হাজৰীকাৰ ৷ ৰজা আৰু সৰ্বসাধাৰণ লোকৰ বাবে আইন সমান হোৱাৰ কথা দাঙি ধৰি ৰাহুল গান্ধীৰ ওপৰত যিহেতু আদালতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, তেনেস্থলত তেওঁৰ সাংসদ পদ খাৰিজ হোৱা বুলি উল্লেখ কৰে ৷ লগতে কটাক্ষ কৰি ৰাহুল গান্ধী সন্দৰ্ভত কয়, ‘‘বেছি পঢ়াশুনা কৰিলেও বেয়া (Rahul Gandhi disqualified from parliament) ৷’’

উল্লেখ্য যে, তেজপুৰত অনুষ্ঠিত যোৱাটো কেবিনেটতে মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে গ্ৰহণ কৰা কেতবোৰ অভিলাষী আঁচনিৰ অন্যতম মৰা ভৰলী নদীৰ খনন আনুষ্ঠানিকভাৱে শনিবাৰে তেজপুৰত শুভাৰম্ভ কৰে ৷ ১৫ কোটি টকা ব্যয় সাপেক্ষে তেজপুৰ পৰুৱাৰ পৰা কলিবাৰীৰ কলাগুৰু বিষ্ণু ৰাভা সমাধিক্ষেত্ৰলৈকে এই দূৰত্বত পোত যোৱা মৰা ভৰলী খনন কৰি নদীপথৰ সমান্তৰালকৈ যান-বাহনৰ পথ আৰু চাইকেল তথা পদব্ৰজে যাব পৰাকৈ এটা আটকধুনীয়া পথ নিৰ্মাণৰ যি পৰিকল্পনা মুখ্যমন্ত্ৰীৰ, সেয়া বাস্তবায়িত কৰাৰ লক্ষ্যৰে কামৰ দায়িত্ব জলসম্পদ বিভাগক দি এই কামৰ শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী পীয়ূষ হাজৰীকাই (Beautification of Tezpur) ৷

লগতে পঢ়ক: Rahul Gandhi disqualify issue : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.