ETV Bharat / state

Self Reliant Youth: পৰম্পৰাগত সামগ্ৰী প্ৰস্তুত কৰি উজলিছে দিগন্ত ৰাজ ভূঞা

author img

By

Published : Apr 3, 2023, 8:43 PM IST

তেজপুৰৰ দিগন্ত ৰাজ ভূঞা নামৰ উদ্যমী যুৱকজনৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটি উদ্য়োগ (Traditional musical making industry in Tezpur)। ঢোল, পেঁপা, গগণা, জাপি প্ৰস্তুত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ ।

Emerging artist of Tezpur
তেজপুৰৰ উদ্যমী যুৱক দিগন্ত ৰাজ ভূঞা
তেজপুৰৰ উদ্যমী যুৱক দিগন্ত ৰাজ ভূঞা

তেজপুৰ, ৩ এপ্ৰিল: বিহুৰ বতৰত প্ৰত্যেকজন লোক ব্যস্ত বিভিন্ন কাৰুকাৰ্যত । যি সময়ত যুৱ প্ৰজন্মই বিভিন্ন প্ৰতিভাৰে স্বকীয় বৈশিষ্ট্য তথা পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে তেনে সময়তে তেজপুৰৰ এজন উদ্যমী যুৱকৰ জাতীয় চেতনাৰ দিশ চৰ্চা হৈছে । যুৱকজনে নিজৰ লগতে যুৱ সমাজক স্বাৱলম্বী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ঘৰতে বহি থলুৱা উৎপাদিত সামগ্ৰীৰে বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে তেজপুৰৰ দিগন্ত ৰাজ ভূঞা নামৰ উদ্যমী যুৱকজনে (Emerging artist of Tezpur)।

বিহুৰ বতৰত গামোচা, ঢোল, পেঁপা, গগণা, জাপি, চাদৰ-মেখেলা, গড়, পাট-মুগাৰ কাপোৰৰ ছাতি, জাতীয় পোছাক আৰু কত যে কি ! হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাজ্যবাসীয়ে আনন্দ উল্লাসত মতলীয়া । ইয়াৰ মাজতে তেজপুৰৰ এইজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াসে স্বাভাবিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । অসমীয়াৰ স্বাভিমান ৰক্ষাৰ হেতু এই যুৱকজন গঠণমূলক কৰ্মৰাজিত নিয়োজিত হোৱা বুলিও ৰাইজৰ মাজত চৰ্চা হৈছে । দিগন্ত ৰাজ ভূঞা নামৰ এই যুৱকজনৰ ঘৰ তেজপুৰৰ কেতেকীবাৰীত (Artist making Assamese traditional musical instruments )।

সেয়া আছিল ১৯৮৩ চন মানৰ কথা । দিগন্ত ৰাজ ভূঞাৰ মাতৃয়ে নিজৰ বাসগৃহতে গামোচা,চাদৰ -মেখেলা আদি তৈয়াৰ কৰা এটা থলুৱা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰে । তেতিয়া দিগন্তৰ শৈশৱ কাল । নিজৰ বাসগৃহতে শিল্প কলাৰ আদিপাঠলাভ কৰে দিগন্তই । শৈশৱৰ পৰাই দিগন্তই লাভ কৰে এক সাংস্কৃতিক পৰিবেশ । চৈধ্য বছৰ মানৰ আগৰে পৰা দিগন্তই ঘৰতে বাঁহ, বেত,কাঠৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰে । দিগন্তৰ প্ৰচেষ্টাত তৈয়াৰ হোৱা সামগ্ৰীয়ে লাহে লাহে ৰাইজৰ সমাদৰ লাভ কৰে ।

এতিয়া দিগন্তই ঘৰত আৰম্ভ কৰা শিল্প কলাই প্ৰান পাই উঠিছে । দিগন্ত ৰাজ ভূঞাই বাসগৃহত তৈয়াৰ কৰে সৰু-ডাঙৰ ঢোল, পেঁপা, গগণা, বাঁহী, গামোচা, গড়, জাপি, পাট-মুগাৰ কাপোৰৰ জাতীয় সাজ পোছাক, ছাতি আদি বিভিন্ন সামগ্ৰী । আনকি দিগন্তই এই গঠনমূলক কৰ্মৰাজিৰ বাবে নিজৰ ক্ষুদ্ৰ উদ্যোগটোত নিয়োজিত কৰিছে কেইবাগৰাকীও যুৱক-যুৱতীক ।

সম্প্ৰতি তেজপুৰত দিগন্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠা উদোগটোত উৎপাদিত থলুৱা সামগ্ৰীৰ চাহিদা বহুত বেছি । ইতিমধ্যে তেওঁ এই সামগ্ৰীৰে নিজাৱবীয়াকৈ এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । কাজিৰঙা, শিৱসাগৰ, যোৰহাট, গোলাঘাট, গুৱাহাটী, তেজপুৰ, লখিমপুৰ আদিৰ লগতে ৰাজ্যৰ বাহিৰলৈও যায় দিগন্তই তৈয়াৰ কৰা ভিন্ন সামগ্ৰী । সি যি নহওক যুৱ প্ৰজন্মৰ বাবে তেজপুৰৰ শিল্পী যুৱ প্ৰতিভা দিগন্ত ৰাজ ভূঞা অৱশ্যেই এক আদৰ্শ স্বৰূপ ।

লগতে পঢ়ক:ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.