ETV Bharat / state

Civic Action programme by CRPF: চাৰিদুৱাৰত চি আৰ পি এফৰ ৰাজহুৱা কৰ্মসূচী ৰূপায়ণ - চাৰিদুৱাৰ প্ৰাথমিক বিদ্যালয়ত চিভিক একচন প্ৰগ্ৰেম

কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ চিভিক একচন প্ৰগ্ৰেমৰ আয়োজন । চাৰিদুৱাৰত দুই নম্বৰ টয়লেট ব্লকৰ উদ্বোধন । ৰাজ্য়ত মেগা ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব বুলিও ঘোষণা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ।

Civic Action programme by CRPF
চাৰিদুৱাৰত চি আৰ পি এফৰ ৰাজহুৱা কৰ্মসূচী ৰূপায়ণ
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:53 PM IST

তেজপুৰ, ১০নৱেম্বৰ : কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ৩০ বেটেলিয়নৰ উদ্যোগত আজি চাৰিদুৱাৰত ৰাজহুৱা কৰ্মসূচীৰ অধীনত এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ৩০ বেটেলিয়নে চাৰিদুৱাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত চিভিক একচন প্ৰগ্ৰেমৰ আয়োজন কৰে । চাৰিদুৱাৰস্থিত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ দ্বাৰা আয়োজন কৰা হয় এই কাৰ্যসূচীৰ ৷

শোণিতপুৰ জিলাত মুখ্য কাৰ্যালয় থকা তথা শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, ধেমাজি আৰু লখিমপুৰ জিলাত নিয়োজিত ৩০ বি এন চি আৰ পি এফে কাৰ্যকৰী আৰু আইন-শৃংখলা দুয়োটা কৰ্তব্য পালন কৰি আহিছে । চাৰিদুৱাৰত নতুনকৈ নিৰ্মাণ কৰা দুই নম্বৰ টয়লেট ব্লকৰ উদ্বোধনী অনুষ্ঠানসূচীৰ লগতে "উৎকৃষ্ট আমাৰ সংকল্প"ৰ শীৰ্ষক লক্ষ্যৰে সামৰণি পৰে ৷ এই অনুষ্ঠানটোত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ উপৰি ৩০ বি এন চি আৰ পি এফ কমাণ্ডেন্ট অৰুণ কুমাৰ মীনা, ৰঞ্জু দাস, কমল সিং নেগী, ডেনিয়েল এল হমাৰ, নেভিল হাইস্কুলৰ অধ্যক্ষ ৰাজেশ দত্ত, জিলা পৰিষদৰ সদস্য শইকীয়া, কৃষ্ণ কোচ, ৰজনীশ শইকীয়া, ৰেণু কোচ, সোহাম প্ৰধান আৰু গাঁওবাসীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে এই বাহিনীটোৰ ৩০ নম্বৰ বেটেলিয়নে সামাজিক খণ্ডৰ সকলো দিশতে স্থানীয় জনসাধাৰণক সহায়ৰ হাত আগবঢ়োৱাৰ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰা হয় । ২০২৩-২৪ চনৰ নাগৰিক কাৰ্যসূচীৰ বিষয়েও অৱগত কৰা হয় । ৩০ বিএনে উত্তৰ লখিমপুৰ আৰু ধেমাজি জিলাত ক্ৰমে ৩০ আৰু ৩১ অক্টোবৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে । অলপতে ষ্ট্ৰীট ছ'লাৰ লাইটৰ ব্যৱস্থা কৰাৰ লগতে চাৰিদুৱাৰৰ নেভিল হায়াৰ চেকেণ্ডাৰী স্কুলত পুথিভঁৰাল স্থাপন কৰিব বুলিও সভাত উল্লেখ কৰে বাহিনীটোৰ ৩০ নম্বৰ বেটেলিয়নৰ বিষয়াসকলে ৷ ইপিনে, বিষয়াসকলে ৰাজ্যৰ আৰ্তজনক সহায় কৰিবলৈ তথা ক্ৰীড়া খেলুৱৈৰ বাবে মেগা ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব বুলিও ঘোষণা কৰে ।

লগতে পঢ়ক:Suresh Borah quits Congress: সুৰেশ বৰাৰ পদত্যাগক উৰা বাতৰি আখ্যা প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.