ETV Bharat / state

দিল্লীত মুকলি জৈৱিক ফলৰ প্ৰমাণপত্ৰ লাভ কৰা অৰুণাচলৰ কিৱি ফল

author img

By

Published : Nov 30, 2021, 8:49 PM IST

সোমবাৰে নতুন দিল্লীৰ এক বিশেষ অনুষ্ঠানত মুকলি কৰা হয় ভাৰতৰ প্ৰথম জৈৱিক প্ৰমাণপত্ৰ লাভ কৰা অৰুণাচল প্ৰদেশৰ কিৱি ফল (certified organic kiwi launched in New Delhi)। অৰুণাচল হৈছে একমাত্ৰ ৰাজ্য য'ত উৎপাদন হোৱা এই কিৱি ফলে লাভ কৰিছে প্ৰথম জৈৱিক প্ৰমাণপত্ৰ । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে সুস্বাদু ফল বিধ সম্পৰ্কে বিশেষ টুইট কৰে ।

kiwi launched
দিল্লীত মুকলি জৈৱিক ফলৰ প্ৰমাণপত্ৰ লাভ কৰা অৰুণাচলৰ কিৱি ফল

তেজপুৰ,৩০ নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাইজৰ বাবে এক গৌৰৱৰ খবৰ । শেহতীয়াকৈ অৰুণাচলৰ জিৰো উপত্যকাৰ খেতিপথাৰত উৎপাদিত কিৱি ফলে লাভ কৰিছে জৈৱিক প্ৰমাণ পত্ৰ । নতুন দিল্লীত অনুষ্ঠিত 'আদি মহোৎসৱ'ত মুকলি কৰা হয় ভাৰতৰ প্ৰথম এই জৈৱিক কিৱি ফল (certified organic kiwi launched in New Delhi)।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে থকা বিশেষ আঁচনি মিছন জৈৱিক মূল্য শৃংখলা বিকাশৰ অধীনত (MOVCD-NER) কিৱি ফলৰ বাবে জৈৱিক প্ৰমাণপত্ৰ লাভ কৰা প্ৰথম খন ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ । অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (Nafed)ৰ সহযোগত নতুন দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত মুকলি কৰা হয় ভাৰতৰ প্ৰথম জৈৱিক ফল কিৱি । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে টুইটাৰযোগে ইয়াক লৈ প্ৰশংসা কৰা দেখা গৈছে ।

অৰুণাচল প্ৰদেশৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কিৱি ফলৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই সুস্বাদু ফল বিধি সকলোৰে ঘৰত থকাটো অতি দৰকাৰ বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে 'কিৱি' এবিধ অতি উপকাৰী ফল । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এই ফল সহজলভ্য যদিও হিমালয়ৰ পাদদেশৰ একাংশ স্থানত ইয়াৰ খেতি পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে । এতিয়া অৰুণাচল প্ৰদেশৰ প্ৰায় প্ৰতিগৰাকী লোকে জৈৱিক ফাৰ্ম(started organic farm) আৰম্ভ কৰিছে । ৰাজ্য চৰকাৰ আৰু জিলা বিষয়াসকলেও এই খেতি কৰিবলৈ স্থানীয় ৰাইজক উদগনি দিছে ।

এই ফল বিধ যথেষ্ট মিঠা আৰু সোৱাদ যুক্ত । কিৱি ফলৰ খেতি সোৱণশিৰি জিলাৰ জিৰো আৰু ডিবাং ভেলীত যথেষ্ট পৰিমাণে হয় যদিও এতিয়া আনিনি, পশ্চিম কামেং জিলাৰ বিভিন্ন পাহাৰীয়া সমতল ভূমিতো ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে । ২০২০ বৰ্ষত অৰুণাচল চৰকাৰৰ কৃষি বিভাগে জিৰো উপত্যকাৰ পৰা দিল্লীলৈ ৬ টন কিৱি ফল এখন ব্যক্তিগত ফাৰ্মক বিক্ৰী কৰিছিল । অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিৰো উপত্যকাত কিৱি ফল যোৱা ২০১৬ চনত ৬০ টন উৎপাদন হৈছিল আৰু ২০১৯ চনত ১০২ টন উৎপাদন হয় ।

ৰাজ্য চৰকাৰে আশা কৰে যে অহা ২০২৩ চনৰ ভিতৰত অৰুণাচল প্ৰদেশ দেশৰ ভিতৰতে অধিক কিৱি ফল উৎপাদনকাৰী ৰাজ্য হিচাবে স্বীকৃতি লাভ কৰিব । ইফালে কৃষি বিভাগে ৰাজ্য চৰকাৰৰ তাৎপৰতাত এখন কিৱি ফলৰ ৰিচাৰ্জ কেন্দ্র স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখ্য যে এই কিৱি ফলৰ পৰা এবিধ সুৰা তৈয়াৰ কৰা হয় আৰু ই উত্তৰ-পূৰ্বাঞ্চলৰ মাত্ৰ অৰুণাচল প্ৰদেশতে উৎপাদন হয় । ভাৰতৰ প্ৰথম কিৱি ফলৰ পৰা অৰ্গেনিকভাৱে সুৰা প্ৰস্তুত কৰিছে জিৰো ভেলীত ।

লগতে পঢ়ক:Chalo loku festival : অৰুণাচলৰ নক্তে জনগোষ্ঠীৰ চল' লকুৰ বিষয়ে জানে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.