ETV Bharat / state

শোণিতপুৰত কেন্দ্ৰীয় জল জীৱন মিছনৰ শুভাৰম্ভ - বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু

জল জীৱন মিছন শীৰ্ষক আঁচনিৰ অধীনত শোণিতপুৰ জিলাত মুঠ 30 টা পানী যোগান আঁচনিৰ শুভাৰম্ভ ৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি শনিবাৰে জিলাখনৰ আটাইকেইটা সমষ্টি সামৰি জনপ্ৰতিনিধি, উচ্চ পদাধিকাৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা এই আঁচনিসমূহৰ পৰা পানীকল ঘৰে ঘৰে সংযোগ কৰা ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয় ৷

central-jal-jeevan-mishan-launched-in-sonitpur
শোণিতপুৰত কেন্দ্ৰীয় জল জীৱন মিছনৰ শুভাৰম্ভণি
author img

By

Published : Jul 31, 2021, 9:57 PM IST

তেজপুৰ, 31 জুলাই : ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শোণিতপুৰ জিলাতো শনিবাৰে জল জীৱন মিছন শীৰ্ষক আঁচনিৰ অধীনত জিলাখনৰ মুঠ 30 টা পানী যোগান আঁচনিৰ জৰিয়তে পানীকলৰ সংযোগ ৰাইজলৈ হস্তান্তৰিত কৰাৰ ব্যৱস্থা কৰা হয় ৷ ভাৰতবৰ্ষৰ সকলো পৰিয়াললৈ 2024 চনৰ ভিতৰত ঘৰুৱা পানীকল সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সূচনা কৰা হৈছে জল জীৱন মিছন শীৰ্ষক আঁচনি ৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি শনিবাৰে জিলাখনৰ কেউটা সমষ্টি সামৰি জনপ্ৰতিনিধি, উচ্চ পদাধিকাৰী আৰু স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা এই আঁচনিসমূহৰ পৰা পানীকল যোগে ঘৰে ঘৰে সংযোগ কৰা ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয় ৷

এই উপলক্ষে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই জিলা উন্নয়ন আয়ুক্ত শোভন গোৱালাৰ উপস্থিতিত ভিতৰসুঁতি পানীযোগান আঁচনিৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ উপৰি বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে নতুনপাম পানীযোগান আঁচনি আৰু চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চমাৰদলনী পানীযোগান আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ আনহাতে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই পুৰণি আলিমূৰ আঁচনি, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি সুৰিনে ধেন্দাই পানীযোগান আঁচনিত খোৱাপানীৰ ঘৰুৱা পানীকল সংযোগ হস্তান্তৰকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

central-jal-jeevan-mishan-launched-in-sonitpur
শোণিতপুৰত কেন্দ্ৰীয় জল জীৱন মিছনৰ শুভাৰম্ভণি

ইয়াৰোপৰি অন্যান্য নিৰ্ধাৰিত পানীযোগান আঁচনিসমূহো স্থানীয় খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত প্ৰতিনিধি আদি বিশিষ্ট ব্যক্তিসকলে শুভাৰম্ভ কৰে ৷ শনিবাৰে পানী যোগান আঁচনিৰ উদ্বোধন উপলক্ষে আয়োজিত অনুষ্ঠানত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ আৰু ভালেসংখ্যক উপভোক্তা উপস্থিত থাকে ৷ উল্লেখ্য যে, চলিত মাহত শোণিতপুৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল 1 নং আৰু সংমণ্ডল 2 নং ৰ দ্বাৰা জিলাখনৰ প্ৰায় 7200 টা পৰিয়াললৈ পানীকল সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে ৷

লগতে বাকী থকা পৰিয়ালসমূহলৈ 2024 চনৰ ভিতৰত পৰ্যায়ক্ৰমে ঘৰুৱা পানীকলৰ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ যোগান সম্পূৰ্ণ কৰা হ’ব ৷ বৰ্তমানলৈ শোণিতপুৰ জিলাৰ সৰ্বমুঠ 2,75,938 পৰিয়ালৰ ভিতৰত এই পৰ্যন্ত 38,657 পৰিয়াললৈ এই মিছনৰ অধীনত বিশুদ্ধ খোৱাপানীৰ পানীকলৰ সংযোগ দিয়া হৈছে ৷ জিলাখনত 2021-21 বিত্তীয় বৰ্ষত 23,309 সংখ্যক আৰু 2021-22 বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈ 15,348 সংখ্যক ধৰি মুঠ 38,657 সংখ্যক পৰিয়াললৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা বিশুদ্ধ খোৱাপানীৰ পানীকলৰ সংযোগ ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

লগতে পঢ়কঃ বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.