ETV Bharat / state

ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট - Inner Line Permit in assam

অসমত ৰাজ্যিক সীমা পাৰ পত্ৰ প্ৰৱৰ্তনৰ সম্ভাৱনা ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত গঠন কৰা হৈছে এখন ১৪ জনীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটি ৷

ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট

author img

By

Published : Jan 23, 2020, 8:00 PM IST

তেজপুৰ,২৩ জানুৱাৰীঃ শীঘ্ৰে অসমত প্ৰৱৰ্তন হ'ব পাৰে ৰাজ্যিক সীমা পাৰ পত্ৰ (Inner Line Permit) ৷ পাৰ পত্ৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত গঠন কৰা হৈছে এখন ১৪ জনীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটি ৷ বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুসৰি, এই ১৪ জনীয়া কমিটিয়ে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী হোৱাকৈ ১৫ ফেব্ৰুৱাৰীত আন্তঃৰাজ্যিক সীমা পাৰ পত্ৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব গৃহ মন্ত্ৰণালয়ক ৷

আনহাতে, ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰুদ্ধে প্ৰতিবাদ চলি থকা সময়তে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । ৰাজ্যৰ স্বাৰ্থত সাংবিধানিক ৰক্ষা কৱচ ৬নং দফাৰ মতে ৰাজ্যিক সীমা পাৰ পত্ৰ প্ৰৱৰ্তন হ'লে অসম বিধান সভাত সংৰক্ষণ আৰু কৰ্মসংস্থাপন সুৰক্ষিত হ'ব । ১৯৮৫ চনৰ অসম চুক্তি ৬ নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচে বিধানসভা, প্ৰশাসনিক, ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব ।

ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট

যদি প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে অসমতো বহুতো দিশত কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব বুলি সচেতন মহলত চৰ্চিত হৈছে ।

আৰু পঢ়কঃ চিলিণ্ডাৰ বিস্ফোৰণ ! মহানগৰীত জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি

Intro:NB:File visuals of protest CAA .

তেজপুৰ,২৩ জানুৱাৰী: শীঘ্ৰে অসমত প্ৰৱৰ্তন হব পাৰে নেকি আন্তঃ ৰাজ্যিক সীমা পাৰ পত্ৰ ! হয় এক বিশেষ সূত্ৰত প্ৰকাশ যে কেদ্ৰীয় গৃহ মন্ত্ৰনলায়ৰ নিৰ্দেশত গঠন কৰা হৈছে ইয়াৰ বিষয়ে এখন ১৪ জনীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ ।

Body:কেন্দ্ৰীয় গৃহমন্ত্ৰনলায়ৰ তৰফৰ পৰা গঠন কৰা এই ১৪ জনীয়া কমিটিয়ে অসম একৰ্ডৰ ৬নং দফা কাৰ্যকৰী হোৱাকৈ অসমত প্ৰৱৰ্তন কৰিব পৰা কৈ ইনাৰ লাইন পাৰ্মিত আন্তঃ ৰাজ্যিক সীমা পাৰ পত্ৰ চুড়ান্ত প্ৰতিবেদন দাখিল কৰিব অহা১৫ফেব্ৰুৱাৰী ত ।
ৰাজ্যত চলিথকা নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত এক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।
ৰাজ্যত স্বাৰ্থত সাংবিধানিক ৰক্ষা কবজ ৬নং দফাৰ মতে এই আই এল পি প্ৰৱৰ্তন হলে অসম বিধান সভাত সংৰক্ষণ আৰু কৰ্মসংস্থাপন সুৰক্ষিত কৰিব ।
১৯৮৫ চনৰ অসম চুক্তি ৬ নং দফা হৈছে সাংবিধানিক ৰক্ষা কবজে বিধান সভা , প্ৰশাসনিক ,ভাষা সংস্কৃতি ৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব ।
কিন্তু এই কমিটিয়ে অহা ১৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰনলায়ক প্ৰতিবেদন দাখিল কৰাৰ পিছতে কেদ্ৰীয় চৰকাৰে ইয়াৰ ঘোষণা কৰা সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি জানিব পৰা গৈছে ।

Conclusion:যদি প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে অসময়ে বহুতো দিশত কিছু পৰিমাণে সকাহ লাভ কৰিব বুলি সচেতন মহলত চৰ্চিত হৈছে ।

প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
২৩/১/২০২০ .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.