ETV Bharat / state

চিৰদিনৰ বাবে শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ ?

author img

By

Published : Jul 11, 2020, 10:56 PM IST

চীনে ব্ৰহ্মপুত্ৰ নদীৰ গতি পথ সলনি কৰিবৰ বাবে 1958 চনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ইতিমধ্যে যথেষ্ট পৰিমাণে কাম সমাপ্ত হৈছে ,এই 40 টা নদীবান্ধ আৰু ৰিজাৰ্ভৰ সম্পূৰ্ণ হলে ব্ৰহ্মপুত্ৰত পানী নাথাকিব ।

চিৰদিনৰ বাবে শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ ?
চিৰদিনৰ বাবে শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ ?

তেজপুৰ,১০ জুলাই : সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মান কৰি থকা 40 তাত কৈ অধিক নদীবান্ধ ৰ বাবে শেহতীয়াভাৱে অসম বিধান সভাত আলোচনাৰ বিষয় আছিল । ব্ৰহ্মপুত্ৰৰ ওপৰত যদিহে চীনে এইদৰে নদীবান্ধ নিৰ্মাণ কৰিছে তেতিয়াহলে অসম হয়তো মৰুভূমিত পৰিণত হোৱা দিশে অথবা ভয়ংকৰ বানপানীৰ গৰাহত ! অলপতে অসম বিধানসভাৰ বাজেট অধিবেশনৰ তৃতীয় দিনাৰ সদনৰ মজিয়াত চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ প্ৰসংগ উল্লেখ কৰে শাসকীয় দলৰ ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলে ।

BRAHMMAPUTRA AND CHINA BIG DAM A COMPREHENSIVE STUDY REGARDING CHINA
ছাংপ'ৰ পৰা ওলাই অহা লইতৰ সৰ্পিল ৰূপ

"য়াৰলুং চাংপোত যদি চীনে ভেটা দিব বিচাৰিছে তেনেহ'লে এই পানী সমূহ ক'লৈ নিব বিচাৰিছে, নে চীনৰ কোনো শুকান মৰুভূমিৰ দিশে গতি কৰাৰ চিন্তা কৰিছে । এই সমগ্ৰ বিষয় আন্তঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিবেচনা কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি মত ব্যক্ত কৰে তেজপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশ্লেষক ডঃ প্ৰাণজিত হাজৰিকাই "।

ফেনেফুটুকাৰে ওফন্দি উঠিছে লুইতৰ বুকু
শাস্ত্ৰৰ মতে ব্ৰহ্মাৰ মানস পুত্ৰ ব্ৰহ্মপুত্ৰ আৰু ই অসমীয়া জন জীৱনৰ আয়ুস ৰেখা । মানস সৰুবৰৰ পৰা য়াৰলুং চাংপো নাম লৈ অসমত ব্ৰহ্মপুত্ৰ নামেৰে বিশ্ব জুৰি খ্যাতি লাভ কৰা এই ব্ৰহ্মপুত্ৰ নদী খন উৎস স্থলৰ পিছৰ পৰা প্ৰায় 900 কিলোমিটাৰ ভাৰতত থকাৰ বিপৰীতে 1600 কিলোমিটাৰ অংশত ভাৰতৰ নিয়ন্ত্ৰণ নাই । যোৱা 20 ফেব্ৰুৱাৰী ত এই নদীত বোকা পানী অহাৰ পূৰ্বে 2017 চনৰ ছেপ্টেম্বৰ মাহৰ ব্ৰহ্মপুত্ৰত এইদৰে ঘোলা আৰু বোকা পানী আহিছিল আৰু সেয়া ভূমিস্খলনৰ ফলত হে বুলিও জানিব পৰা গৈছিল ।

বিশাল ব্ৰহ্মপুত্ৰৰ নয়নাভিৰাম দৃশ্য
ব্ৰহ্মপুত্ৰৰ পাৰত বসতি কৰা লোকসকলৰ মাজতো এক সমস্যাৰ সৃষ্টি হয় প্ৰতি বছৰে ভয়ানক বান পানী যদি চীনে নিৰ্মাণ কৰি অহা এই নদীবান্ধৰ পানী ব্ৰহ্মপুত্ৰৰ উপৰিভাগত যদি প্ৰয়োজনীয়তাতকৈ অধিক হলে বান্ধ খুলি দিব বা পানীৰ সোঁত বান্ধ ভাঙি পৰিলেই অসমত সৃষ্টি হব ভয়ানক বান পৰিস্থিতি। গতিকে চীনে এইয়া জলবোমা প্ৰস্তুত কৰিছে নেকি (!) । 2880 কিলোমিটাৰ দৈৰ্ঘৰ 1625 কিলোমিটাৰ চীনত অৱস্থিত,918 কিলোমিটাৰ অসমত আৰু 337 কিলোমিটাৰ বাংলাদেশত থকা ব্ৰহ্মপুত্ৰৰ 57 খন উপ নদী উত্তৰত,33 খন দক্ষিণে থকা ব্ৰহ্মপুত্ৰ নদী বিশ্বৰ ভিতৰতে এখন শক্তিশালী নদী ।

শুকাই যাব নেকি অসমৰ আয়ুস ৰেখা ?
তথ্য অনুসৰি 2019 চনত 16 জুলাই লৈকে ব্ৰহ্মপুত্ৰৰ বানপানীয়ে অসমত মুঠ 52,59,142 লোকক ক্ষতি গ্ৰস্ত কৰিছিল আৰু 1,63,962,02 হেক্টৰ কৃষি ভূমি অনিষ্ট কৰে 30 খন জিলাত আৰু ইয়াৰ ভিতৰত 20 জুলাই লৈকে 59 লোকৰ মৃত্যু ঘটিছিল । উল্লেখযোগ্য যে মুঠ 3,024 খন গাঁও প্লাৱিত হয় পানীৰ তলত থকাৰ বিপৰীতে 44,08,142 লোক এই ক্ষতিগ্ৰস্ত জিলা সমূহ আছিল ধেমাজি,লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী,দক্ষিণ শালমৰা, গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰো,মৰিগাঁও,নগাঁও,কাৰ্বিআংলং,গোলাঘাট,যোৰহাট,ডিব্ৰুগড়,তিনিচুকীয়া কাছাৰ আৰু কৰিমগঞ্জ । ইয়াৰ উপৰিও 2400 দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱ জন্তুৰ আৰু বিখ্যাত এশিঙীয়া গঁড়ৰ মৃত্যু মুখত পৰে ।

চীনে ভেটা দিলে বানপানীৰ সমস্যা শেষ হ'ব, কিন্তু...

এইবাৰৰ বানপানীত এই পৰ্যন্ত 12 টা গঁড় মৃত্যু হয় আৰু 2 টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ,1 টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে 1 টা উদ্ধাৰ কৰে, 101 খুগুৰি পশু মৃত্যু আৰু 49 টা উদ্ধাৰ, হৰিণা 6 তাৰ মৃত্যু আৰু 2 টা উদ্ধাৰ, 9 টা ভালুক ৰ মৃত্যু 9 টা শৰ পহুৰ মৃত্যু আৰু 1 টা উদ্ধাৰ কৰাৰ লগতে 3 টা অন্যান্য জীৱৰ মৃত্যু আৰু 5 টা উদ্ধাৰৰ লগতে মুঠ 141 টা জীৱৰ মৃত্যু হোৱা বিপৰীতে 60 টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যোৱা বানপানীত ।

যদি এই বান্ধ সমূহ ভাঙিবলৈ যায় ইয়াত কৈ ভয়াৱহতা আহি পৰিব পাৰে অসমৰ বাবে । আনহাতে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত সৰু সৰু প্ৰায় 150 টা নদী বান্ধৰ নিৰ্মাণ কাম চলি আছে ইয়াৰ ভিতৰত কেইটামান ইতিমধ্যে চলিবলৈ আৰম্ভ কৰিছে । গতিকে এই সমগ্ৰ বিষয়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আন্তঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সময় থাকোতেই পৰ্যালোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে ।

লগতে চাওকঃ মহাবাহু ব্ৰহ্মপুত্ৰৰে বানত উটি আহিল বনৰীয়া হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.