ETV Bharat / state

মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱ : জগদীশ ভূঞা - তেজপুৰত কুচকাৱাজ

আগনটোক নিৰ্বাচনত দলৰ সদস্য সকলে দলটোক আগুৱাই নিবলৈ সমষ্টিয়ে সমষ্টিয়ে সমিতিৰ গঠন আৰু সদস্য পদ বৃদ্ধিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে। নতুনকৈ আত্ম প্ৰকাশ কৰা আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ", এতিয়া সম্পূৰ্ণ ৰূপে সাজু হৈছে আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে বিজেপি দলক ৰোধিবলৈ ।

Asom Jatiya Porisad election  peparations at tazpur
মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱঃ জগদীশ ভূঞা
author img

By

Published : Nov 1, 2020, 4:15 PM IST

Updated : Nov 1, 2020, 4:55 PM IST

তেজপুৰ,১ নৱেম্বৰঃ শনিবাৰে তেজপুৰত কুচকাৱাজ আৰম্ভ নতুন ৰাজনৈতিক দলৰ অসম জাতীয় পৰিষদৰ। ৰাজনীতি পথাৰ গৰম কৰি দেওবাৰে নৱ গঠিত অসমৰ আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদৰ ",ৰ তেজপুৰ বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতিৰ গঠন আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় তেজপুৰ জিলা পুথি ভঁৰালৰ প্ৰেক্ষাগৃহত ।

অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক অদিপ কুমাৰ ফুকন আৰু পূৰ্বৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা জগদীশ ভূঞাই। আগন্তুক নিৰ্বাচনত দলৰ সদস্য সকলে দলটোক আগুৱাই নিবলৈ সমষ্টিয়ে সমষ্টিয়ে সমিতিৰ গঠন আৰু সদস্য পদ বৃদ্ধিৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে। আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰষত গঠিত আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ", এতিয়া সম্পূৰ্ণ ৰূপে সাজু হৈছে আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে বিজেপি দলক ৰোধিবলৈ ।

মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱঃ জগদীশ ভূঞা

লগতে পঢ়কঃ বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

সভাত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক তথা দলৰ নেতা অদিপ ফুকনে কয় যে, ভূমিৰ পৰা আঞ্চলিকতাবাদ আৰম্ভ হয় ৷ বৰ্তমান দেশ তথা অসম এক সংকটৰ সময় বিজেপি চৰকাৰে ইতিমধ্যে ভাৰতৰ লগতে অসমৰ বহুতো সম্পদ বেছি শেষ কৰিলে নিজৰ প্ৰভূত্ব বিস্তাৰৰ বাবে তেনেস্থলত ভাৰতবৰ্ষত আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰে আগ নাবাঢ়িলে নহ‘ব । তেওঁ পুনৰ কয় যে,আঞ্চলিক দল সমূহে সকলো জনগোষ্ঠীৰ লোকৰ লগত একত্ৰিত কৰি আগবাঢ়ি যোৱাৰ চিন্তা কৰিব আৰু তেতিয়া লক্ষ্যত উপনীত হ’ব পাৰিব ৷ লগতে তেওঁ উল্লেখকৰে যে, চৰকাৰ গঠন কৰিবলৈ ৬৪ গৰাকী বিধায়কৰ প্ৰয়োজন হয়, গতিকে পৰৱৰ্তী সময়ত এই বিষয়ে চিন্তা কৰিব কিমান খন আসনত তেওঁলোকে ৰাইজৰ সহযোগত নিজৰ দখললৈ আনিব পাৰে।

আনহাতে প্ৰাক্তন অগপ দলৰ নেতা জগদীশ ভূঞাই মিঞা মিউজিয়াম সম্পৰ্কে কয় যে, নীলা লুঙী সংৰক্ষণ কৰাৰ বাবে বিজেপিৰ ভিছন ডকুমেণ্টত প্ৰস্তাৱ কিয় লৈছিল আৰু এগৰাকী বিজেপিৰ বিধায়কৰ নেতৃত্বত ষ্টেণ্ডিং কমিটি পাছ কৰিছিল বুলি মন্তব্য কৰে । গতিকে এই বিষয়টো এক ষড়যন্ত্ৰ ইয়াত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সকলো চামিল আছে গতিকে এই সমগ্ৰ বিষয়টো বিজেপি দলে নিজে তৈয়াৰ কৰা ৷

ইপিনে যদি শ্বেৰমান আলী প্ৰকৃততে দোষী সাব্যস্ত তেনেহলে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় ,কাৰণ চৰকাৰ শাসনত আছে বিজেপি গতিকে ইয়াত কোনো অসম্ভৱ নহয় যদি তেওঁ দোষী ৷ তাৰলগতে সমগ্ৰ বিষয় সন্দৰ্ভত কয় য়ে, বিষয়তো চিন্তা কৰিবলৈ চৰকাৰক কি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰয়োজন হ’ব আৰু আমি আকৌ বিজেপি দলক ভোট দিব লাগিব শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিবলৈ ৷ ই কেনে এক অদ্ভূত কথা ইয়াতকৈ অসমীয়াৰ বাবে লজ্জা জনক কথা থাকিব নোৱাৰে বুলি জগদীশ ভূঞাই কয়।

লগতে পঢ়কঃ কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম

Last Updated : Nov 1, 2020, 4:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.