ETV Bharat / state

Armed force flag day : ব্ৰিগেদিয়েৰ অৰ্জুন মিত্ৰই ক’লে, অধিক সক্ষম হৈছে ভাৰতীয় সেনা

author img

By

Published : Dec 7, 2021, 6:50 PM IST

সমগ্ৰ দেশৰ লগতে তেজপুৰতো গজৰাজ কৰ্পছৰ ১৯৬৩ চনৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি(1963 war memorial) জ্ঞাপনেৰে পালন কৰা হয় আৰমছ ফৰ্চ ফ্লেগ দিৱস(Armed force flag day observed in Tezpur) ৷ জানো আহক এই অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় সেনাৰ বৰ্তমান সন্দৰ্ভ কি ক’লে ব্ৰিগেদিয়েৰ অৰ্জুন মিত্ৰই ৷

army-flag-day-observed-at-war-memorial-in-tezpur
Armed force flag day : ব্ৰিগেদিয়েৰ অৰ্জুন মিত্ৰই ক’লে অধিক সঠক্ষম হৈছে ভাৰতীয় সেনা

তেজপুৰ, 7 ডিচেম্বৰ : গজৰাজ কৰ্পছৰ অধীনত তেজপুৰ আৱৰ্ত ভৱনত থকা ১৯৬৩ চনৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি(1963 war memorial) জ্ঞাপনেৰে সমগ্ৰ দেশৰ লগতে তেজপুৰতো পালন কৰা হয় আৰমছ ফৰ্চ ফ্লেগ দিৱস(Armed force flag day observed in Tezpur) ৷ জিলা সৈনিক বৰ্ডৰ তৰফৰ পৰা আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকি যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় তেজপুৰ গজৰাজ কৰপছৰ ষ্টেচন কামাণ্ডাৰ ব্ৰিগেদিয়েৰ অৰ্জুন মিত্ৰ তথা শোণিতপুৰৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি সেনা বিষয়া ব্ৰিগেদিয়েৰ অৰ্জুন মিত্ৰ(Brigadier Arjun Mitra)ই যুদ্ধৰ শ্বহীদ সকলক সোঁৱৰণ কৰি সাংবাদিকৰ আগত কয় যে, ১৯৪৯ ৰ পৰা ভাৰতীয় সেনাৰ তিনিটা বাহিনীয়ে কেইবাখনো যুদ্ধ কৰিছে । সেনা, বায়ুসেনা আৰু নৌসেনাই নিজৰ দক্ষতা দেখুৱাই শ্বহীদ বৰণো কৰিছে । এতিয়া ভাৰতীয় সেনাই পূৰ্বৰ দৰে যুদ্ধ কৰিব লগীয়া নহয় , অনাগত সময়ত আৰু বহুতো উন্নয়ন সাধন কৰিব ভাৰতীয় সেনা বাহিনীয়ে ।

বৰ্তমান ভাৰতীয় সেনাই সকলো দিশ সামৰি লৈছে আৰু এতিয়া সেনাই যিকোনো বিপদ হেলাৰঙে পাৰ হ’ব পাৰে বুলি মন্তব্য কৰে । অনুষ্ঠানত পাঁচ গৰাকী যুদ্ধত প্ৰাণ হেৰুৱা শ্বহীদৰ বীৰ পত্নীলৈ সন্মান সহকাৰে সহায়ৰ হাত আগবঢ়োৱা হয় । আনহাতে, যুদ্ধত আহত হোৱা লোক সকললৈকো সহায়ৰ হাত আগবঢ়োৱা হয় ।

লগতে পঢ়ক : Demand to Repeal AFSPA: দিল্লীলৈ ৰাওনা হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.