ETV Bharat / state

মজুৰি বৃদ্ধিৰ দাবীৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ - অংগনবাড়ী কৰ্মী

মজুৰি বৃদ্ধিৰ দাবীত তেজপুৰত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক অংগনবাড়ী কৰ্মী ৷ নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰি চৰকাৰে অংগনবাড়ী কৰ্মী সকলক ভাতে মৰাৰ যোজা চলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ অংগনবাড়ী সহায়িকা কৰ্মীৰ ৷ ন্যূনতম মজুৰী 18,000 টকা ধাৰ্য কৰাৰ লগতে অৱসৰকালীন সা-সুবিধা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

মজুৰি বৃদ্ধিৰ দাবীৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

author img

By

Published : Nov 21, 2020, 7:38 PM IST

তেজপুৰ, 21 নৱেম্বৰ: মজুৰী বৃদ্ধিৰ দাবীৰে ৰাজ্যজুৰি অব্যাহত আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ ৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো শনিবাৰে অংগনবাড়ী কৰ্মী সহায়িকা সকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী সকলে অভিযোগ চৰকাৰে নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰি এই কৰ্মীসকলক ভাতে মৰাৰ যোজা চলাইছে ৷ সেয়ে চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে তেওঁলোকে আন্দোলনৰ পন্থা হাতত লোৱা বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে ৷

তেজপুৰৰ ৰাজপথত সহস্ৰাধিক অংগনবাড়ী কৰ্মী

অংগনবাড়ী কৰ্মী সকলৰ বহুকেইটা দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি নজনোৱাৰ অভিযোগ উত্থাপন কৰি কৰ্মীসকলে তেওঁলোকক মাননিৰ পৰিৱৰ্তে ন্যূনতম মজুৰী 18,000 টকা ধাৰ্য কৰাৰ লগতে কৰ্মী সহায়িকাসকলক অৱসৰকালীন সা-সুবিধা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

প্ৰতিবাদকাৰী সহায়িকা কৰ্মী সকলে জানিবলৈ দিয়ে যে নতুন শিক্ষা নীতিৰ আধাৰত প্ৰাক-প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষা ব্যৱস্থাত সংলগ্ন কৰাৰ লগে লগে অংগনবাড়ী কেন্দ্ৰসমূহ গুৰুত্বহীন হৈ পৰিব লগে লগে অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ জীৱনলৈ চৰম ভাবুকি মাতি আনিব ৷ সেয়ে সকলোবোৰ দিশ বিবেচনা কৰি চৰকাৰক এক ফলপ্ৰসূ সিদ্ধান্ত ল'বৰ বাবে অংগনবাড়ী কৰ্মী সকলে প্ৰতিবাদৰ জৰিয়তে চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক:বাঘজানবাসীৰ প্ৰতিবাদত পুনৰ উত্তপ্ত দুলীয়াজান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.