ETV Bharat / state

পোহৰ নিবিলোৱাকৈয়ে ওলমি ৰৈছে চৰকাৰী আঁচনিৰ সৌৰ চাকি

author img

By

Published : May 29, 2022, 10:50 PM IST

অসম চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ভিতৰত অন্যতম হৈছে অটল জ্যোতি যোজনা (Atal Jyoti Yojana by Assam Government) ৷ এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল চ’লাৰ লাইট অথবা সৌৰ চাকি যোগানৰ কাম ৷ পিছে আজি পৰ্যন্ত নজ্বলিল ৰঙাপৰাৰ ৩৯ হাজাৰ সৌৰ চাকি ৷

Allegation of corruption in solar power supply at Rangapara in Sonitpur
৩৯ হাজাৰ সৌৰচাকি যোগানৰ নামত ভেকোভাওঁনা

ৰঙাপৰা, 29 মে’: শক্তি বিভাগৰ গাফিলতি আৰু অৱহেলাৰ বাবে সাধাৰণ ৰাইজে জলাকলা খাই অহাতো কোনো নতুন কথা নহয় । ভিতৰুৱা গাঁও-অঞ্চলসমূহো 24 ঘণ্টাই বিদ্যুতৰ পোহৰেৰে আলোকিত কৰাৰ কথা চৰকাৰে কৈ অহাৰ সময়তে বিগত প্ৰায় এটা মাহে অন্ধকাৰত থাকিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজ । নিশা হ'লেই আন্ধাৰত ডুব যায় গাঁওখন ।

ঠাকুৰবাৰী গাঁও পঞ্চায়তখনৰ ৱাৰ্ড সদস্য ৰমেশ তচাৰ অভিযোগ অনুসৰি, ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মইনাজুলি চাহ বাগিচাৰ 7 নং ৱাৰ্ডত স্থাপন কৰা সৌৰ চাকিবোৰ দীৰ্ঘদিনৰ পৰা বিকল অৱস্থাত পৰি আছে (Allegation of corruption in solar power supply) ৷

৩৯ হাজাৰ সৌৰচাকি যোগানৰ নামত ভেকোভাওঁনা

মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাচতো গা-লৰা নাই দায়িত্বত থকা বিভাগৰ ৷ তদুপৰি বিদ্যুতৰ যিকেইটা খুঁটা সংস্থাপন কৰা হৈছিল, তাৰে অধিকাংশৰে অৱস্থা তথৈবচ ৷ লগতে এবাৰ বেয়া হোৱাৰ পিছত লাইটসমূহ পুনৰায় ঠিক নকৰাৰো অভিযোগ উঠিছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

ৰাইজক সকাহ দিয়াৰ বাবে অতি সোনকালে অঞ্চলটোত সৌৰ চাকিবোৰ মেৰামতি কৰিবলৈ দাবী জনায় ৱাৰ্ড সদস্যগৰাকীয়ে ৷ উল্লেখ্য যে, এই সৌৰ চাকিবোৰ লগোৱাৰ বাবদত প্ৰায় ৩৯ হাজাৰ টকা খৰচ হৈছিল ৷

লগতে পঢ়ক : বালিপৰাত অন কেমেৰা ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.