ETV Bharat / state

তেজপুৰত পুনৰ ডাইনীকাণ্ড, ডাইনী সন্দেহত গাঁৱৰ পৰা বিতাড়িত বৃদ্ধ দম্পতী - witch incident in Tezpur

শোণিতপুৰ জিলাত আন এক ডাইনীকাণ্ড ৷ ডাইনী সন্দেহত এটা দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে গাঁৱৰ পৰা বহিষ্কৃত কৰে (Tezpur witch hunt news) ৷

Etv Bharat Tezpur witch hunt news
Etv Bharatতেজপুৰত পুনৰ ডাইনীকাণ্ড, ডাইনী সন্দেহত গাঁৱৰ পৰা বিতাৰিত দম্পতীক
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 11:39 AM IST

তেজপুৰত পুনৰ ডাইনীকাণ্ড, ডাইনী সন্দেহত গাঁৱৰ পৰা বিতাৰিত দম্পতীক

তেজপুৰ, 26 ডিচেম্বৰ: তথ্য প্ৰযুক্তিৰ দিশত দেশখন বহু আগবাঢ়ি গৈছে যদিও এতিয়াও কিছু অঞ্চলত অন্ধবিশ্বাসৰ ধাৰা অব্যাহত আছে । দেওবাৰে নিশা শোণিতপুৰ জিলাত এগৰাকী মহিলাক ডাইনীৰ সন্দেহত হত্যা কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰে পুনৰ জিলাখনত আন এক ডাইনীকাণ্ড সংঘটিত হয় ৷ এইবাৰ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ন মাইল অঞ্চলত ডাইনী সন্দেহত এটা দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে গাঁৱৰ লোকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অসম-অৰুণাচল সীমান্তৰ চটাই ন মাইল গাঁৱত ষাঠী উৰ্দ্ধৰ এটা দম্পতীৰ বিৰুদ্ধে ডাইনীৰ অভিযোগ তুলি গাঁওখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ কাটি তহিলং কৰে ৷ আনকি ইয়াতে ক্ষান্ত নাথাকি গাঁওখনৰ পৰা পৰিয়ালটোক খেদি পঠিয়াই ৰাইজে ৷

উল্লেখ্য যে, অঞ্চলটোত বিগত ৫ বছৰৰ পূৰ্বে মাটি ক্ৰয় কৰি বাস কৰি আছিল দম্পতীটো ৷ দিনহাজিৰা কৰি যেনে তেনে পৰিয়ালটোৱে পেটেভাতে খাই জীৱন নিৰ্বাহ কৰি আছিল ৷ তাৰ পিচতেই সোমবাৰে পুৱা বৈশিষ্ঠ বসুমতাৰী নামৰ এজন লোকে গাঁৱৰ লোক মাতি আনি দম্পতীটোক ডাইনী বুলি মানি ল’বলৈ বাধ্য কৰায় ৷ তাৰ পিচতেই গাঁৱৰ ৰাইজে পৰিয়ালটোৰ ঘৰ-দুৱাৰ ধ্বংস কৰি ঘৰৰ সামগ্ৰীসমূহ পথৰ দাঁতিত পেলাই ভাঙি চুৰমাৰ কৰে ৷ তাৰ পিচতে গাঁৱৰ ৰাইজে দম্পতীটোক গাঁৱৰ পৰা খেদি পঠিয়াই ৷

অৱশেষত উপায়হীন হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় বিচাৰি চাৰিদুৱাৰ আৰক্ষী থানাত উপস্থিত হয় । লগে লগে আৰক্ষীয়ে পৰিয়ালটোক আশ্বস্ত কৰি তেওঁলোকৰ আত্মীয়ৰ ঘৰত বাস কৰিবলৈ পৰামৰ্শ দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে দেওবাৰে নিশা তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হয় । মহিলাগৰাকীক তেওঁ দুই নাবালক সন্তানৰ সন্মুখতে জীৱন্তে জ্বলাই দিয়া হৈছিল ৷

দেওবাৰে নিশা প্ৰায় ১০ বজাত প্ৰতিবেশী সূৰজ বাঘোৱাৰ পৰিয়ালৰ লোকে চাৰিটা সতীৰ্থৰ সহায়ত মহিলাগৰাকীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়ে । এই ঘটনাৰ পাচতে শোণিতপুৰ আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী সন্দেহত হত্যা; চাৰিজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.