ৰঙাপৰা, 3 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰ নিশা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা পাঁচজনীয়া দল উপস্থিত হয় ৷ ৰঙাপৰাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ পাঁচজনীয়া দলটোৱে চহৰখনত থকা দুখনকৈ সমবায় সমিতিৰ কাৰ্যালয়ত অভিযান চলায় ৷ চাউল কেলেংকাৰীৰ সন্দৰ্ভত ৰঙাপৰাৰ নগৰ গ্ৰাহক সমবায় সমিতি লিমিটেড আৰু ৰঙাপৰা সমবায় সমিতিৰ লিমিটেডৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ তদাৰকী কোষৰ দলটোৱে সকলো নথি-পত্ৰকে ধৰি চাউল মজুত কৰি ৰাখি থোৱা গুদাম ঘৰটোতো তালাচী চলায় ৷
উল্লেখ্য যে, ঢেকিয়াজুলী মাৰ্কেটিং কোপাৰেটিভ ছচাইটিৰ পৰা 2300 কুইন্টল চাউল হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ দুখীয়া দৰিদ্ৰৰ বাবে আৱণ্টিত জুন-জুলাই মাহৰ চাউল ছচাইটিখনৰ সম্পাদক হেমন্ত তালুকদাৰসহ 9 জনকৈ লোকে চোৰাংভাৱে বিক্ৰী কৰাৰ অভিযোগ উঠিছিল ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটোৱে সুৰজিৎ সেনাপতি, অনিৰুদ্ধ পালিত, ভাস্কৰজ্যোতি কৰ, থুবিৰ তাঁতী, সুব্ৰত বনিক, মৃদুল তৰণ আৰু অশোক ঘোষক গ্ৰেপ্তাৰ কৰিছে ৷ চক্ৰটোৱে দীৰ্ঘদিন ধৰি দুখীয়া লোকৰ বাবে আৱন্টিত হোৱা চৰকাৰী চাউল ভুৱা হিতাধিকাৰীৰ নামত আৱন্টন কৰি ক’লা বজাৰত চাউল বিক্ৰী কৰিছিল ৷
মন কৰিবলগীয়া এই যে, সুৰজিৎ সেনাপতি হৈছে তেজপুৰৰ বিন্দুকুৰি এফ চি আইৰ ঠিকাদাৰ ৷ সুৰজিৎ সেনাপতি ঢেকিয়াজুলিৰ মাৰ্কেটিং কোঅপাৰেটিভ ছচাইটিত চাউল যোগনীয়াৰ আছিল ৷ সেনাপতিৰ নেতৃত্বত ঢেকিয়াজুলি মাৰ্কেটিং কোঅ’পাৰেটিভ ছচাইটিৰ সম্পাদক হেমন্ত তালুকদাৰ সহ 7 জন লোকে বৃহৎ পৰিমাণৰ চৰকাৰী চাউলৰ কেলেংকাৰী সংঘটিত কৰিছিল ৷ ইফালে ৰঙাপৰাৰ দুয়োখন সমবায় সমিতিত অভিযান চলোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দলটোৱে তেনেধৰণৰ খেলি-মেলি পোৱা নাই বুলি জানিবলৈ দিয়ে যদিও অন্য মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷
লগতে পঢ়ক: EX BJP workers meeting: ফাট মেলিছে নেকি বিজেপিত ! পুৰণি কৰ্মীক অৱহেলাৰ অভিযোগ