শিৱসাগৰ,20 মাৰ্চঃ 20 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে প্ৰতিবছৰে পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস ৷ ৰাতিপুৱাই কিচিৰ-মিচিৰ মাতেৰে ঘৰৰ চোতাল শুৱনি কৰে ঘৰচিৰিকাই ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি সংকটাপন্ন পক্ষীকুলৰ তালিকাত স্থান পাইছে নিচেই ক্ষুদ্ৰ এই চৰাইবিধে ।
ইফালে বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনাই পোহৰলৈ আহিছে শিৱসাগৰৰ দিখৌমুখৰ এটি পৰিয়ালৰ কাহিনী ৷ দিখৌমুখৰ ভৰলুৱা গাঁৱৰ প্ৰণৱ শইকীয়া আৰু তেওঁৰ পৰিয়ালে ঘৰচিৰিকা সংৰক্ষণত দীৰ্ঘদিনৰ পৰা গুৰুত্ব প্ৰদান কৰি আহিছে ৷ পেছাত এজন ব্যৱসায়ী প্ৰণৱ শইকীয়াই পেলনীয়া কাগজৰ বাকচ একগোট কৰি নিজ বাসগৃহৰ বাৰাণ্ডাত বিলুপ্তপ্ৰায় চৰাইবিধৰ বাবে আৱাসস্থলী গঢ়ি তুলিছে ৷ শইকীয়াৰ বাসগৃহত ঘৰ চিৰিকাসমূহে খেৰকূটাৰে বাস সাজি পোৱালী জগাইছে। বিলুপ্তিৰ পথত থকা এই চৰাইবিধ সংৰক্ষণৰ বাবে পৰিয়ালটিয়ে গ্ৰহণ কৰা ব্যৱস্থা অন্য লোকৰ বাবে হৈ পৰিছে এক আদৰ্শ ।
লগতে পঢ়কঃ ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰক উদ্দেশ্যি সম্বোধন