ETV Bharat / state

Viral Video of religious Harmony : সমন্বয়ৰ স্বাক্ষৰ বহনকাৰীৰ ৰূপত শিৱসাগৰৰ একাংশ লোক - Sivasagar viral video

ঈদৰ দিনটোত শিৱসাগৰত দেখা গ’ল এক ভাললগা দৃশ্য ৷ দৃশ্যটোৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰা দৃশ্যটো হৈ পৰিছে সৰ্বত্ৰে চৰ্চিত(Viral video of Hindu Muslim harmony) ৷

Viral Video of Harmony
সমন্বয়ৰ স্বাক্ষৰ বহনকাৰীৰ ৰূপত শিৱসাগৰৰ একাংশ লোক
author img

By

Published : May 4, 2022, 9:25 PM IST

শিৱসাগৰ, 4 মে’: ঈদৰ দিনটোত শিৱসাগৰৰ আমগুৰিৰ চামগুৰিত দেখা গ’ল এক মন চুই যোৱা দৃশ্য । সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ (Viral video of Hindu Muslim harmony)। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলালৈ আহি থকা ভকতক ইচলাম ধৰ্মাৱলম্বী লোকে আপ্যায়িত কৰে মিঠাইৰে ৷

পবিত্ৰ ঈদৰ দিনটোত শিৱসাগৰ জিলাৰ নামতি চাৰিআলি, চামগুৰি আদি বিভিন্ন স্থানত যুৱ জামাতৰ সৌজন্যত পথচাৰীসকলক যোগান ধৰা হৈছিল মিঠাই, খেজুৰৰ লগতে চৰবত । চামগুৰিতো যুৱকসকলে পথচাৰীসকলক খাদ্যৰ যোগান ধৰে । পথেদি অহা-যোৱা কৰা প্ৰতিখন বাহনৰ লোককে তেওঁলোকে আপ্যায়িত কৰে । সেই সময়তে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলালৈ আহি থকা ভকতক যুৱ জামাতৰ লোকসকলে মিঠাই আৰু চৰবতেৰে আপ্যায়ন কৰাৰ লগতে ঈদৰ শুভেচ্ছা জ্ঞাপন ।

সমন্বয়ৰ স্বাক্ষৰ বহনকাৰীৰ ৰূপত শিৱসাগৰৰ একাংশ লোক

কোনো ব্যক্তিয়ে মোবাইলত বন্দী কৰি ৰখা দৃশ্যটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । গুৰু দুজনাৰ লগতে আজান ফকীৰৰ আদৰ্শৰে পৰিচালিত শিৱসাগৰ জিলাত প্ৰতিবছৰে হিন্দু-মুছলিম সকলোৱে মিলি উৎসৱসমূহ পালন কৰি ভ্ৰাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে সামাজিক দায়িত্ববোধৰ পৰিচয় দি আহিছে । এনে সময়তে ঈদৰ দিনটোত শিৱসাগৰৰ এই দৃশ্যই সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে (Eid celebrates in Sivasagar)।

লগতে পঢ়ক: পবিত্ৰ ঈদ উপলক্ষে মৰাণত দেখা গ'ল ভাতৃত্ববোধৰ অন্য এক নিদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.