ETV Bharat / state

শিৱসাগৰত বিশেষভাৱে সক্ষম লোকক প্ৰতিষেধক প্ৰদান - কাৰ্যসূচীৰ শুভাৰম্ভ

শিৱসাগৰ নগৰৰ আইচিডিএছ প্ৰকল্পত বিশেষভাৱে সক্ষম লোক সকলৰ বাবে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ ৷ মঙলবাৰে শিৱসাগৰ নগৰত ৬৮ গৰাকী, ডিমৌত ৫৫ গৰাকী, নাজিৰাত ৫৫ গৰাকী আৰু দিখৌমুখত ৫০ গৰাকী মুঠ ২২৮ গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

vaccination-of-specially-abled-people-in-sivsagar
শিৱসাগৰত বিশেষভাৱে সক্ষম লোকক প্ৰতিষেধক প্ৰদান
author img

By

Published : Jun 15, 2021, 10:47 PM IST

শিৱসাগৰ, 15 জুন : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে তথা অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি মঙলবাৰৰ পৰা শিৱসাগৰ জিলাত বিশেষভাৱে সক্ষম লোক সকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । শিৱসাগৰ নগৰৰ আইচিডিএছ প্ৰকল্পত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক শ্যামন্ত মাধৱ শৰ্মাই ।

শিৱসাগৰত বিশেষভাৱে সক্ষম লোকক প্ৰতিষেধক প্ৰদান

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ মুঠ ১৯৯৪ গৰাকী বিশেষভাৱে সক্ষম লোকক পৰ্যায়ক্ৰমে ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হ'ব । মঙলবাৰে জিলাখনৰ শিৱসাগৰ নগৰত ৬৮ গৰাকী, ডিমৌত ৫৫ গৰাকী, নাজিৰাত ৫৫ গৰাকী আৰু দিখৌমুখত ৫০ গৰাকী মুঠ ২২৮ গৰাকীক বিশেষ সুবিধাৰ আওতাত এই প্ৰতিষেধক প্ৰদান কৰে ।

পৰৱৰ্তী সময়ত জিলাখনৰ সকলো বিশেষভাৱে সক্ষম লোকক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : খহনীয়াৰ কৱলত বছৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.