ETV Bharat / state

শিৱসাগৰৰ শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন - শিৱসাগৰৰ জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন

পৰম্পৰা অটুত ৰখাৰ প্ৰয়াসেৰে শিৱসাগৰৰ হাতীঘুলিত অৱস্থিত শ্ৰীশ্ৰী জকাই সত্ৰত কাঠৰ পুতলাৰে পুতলা নাচ প্ৰদৰ্শন ৷ অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ শ্ৰী শ্ৰী জকাইসত্ৰৰ পুতলা নাচ নাটৰ উদ্বোধন(Traditional toy dance performance in Sivsagar) ৷

Traditional toy dance performance at Sri Sri Jakai Satra in Sivsagar
শিৱসাগৰৰ শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন
author img

By

Published : Feb 26, 2022, 10:47 AM IST

আমগুৰি, ২৬ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন(Traditional toy dance performance in Sivsagar) ৷ উজনি অসমৰ অন্যতম পথ প্ৰদৰ্শক শ্ৰী শ্ৰী জকাই সত্ৰই(Sri Sri Jakai Satra in Sivsagar) অসমৰ সংস্কৃতিক অনন্য মাত্ৰা প্ৰদান কৰা আৰু ভাৰতীয় নাট্য সাহিত্যৰ সৈতে জড়িত পুতলা নাচৰ পৰম্পৰা অটুত ৰখাৰ প্ৰয়াসেৰে শিৱসাগৰৰ হাতীঘুলিত অৱস্থিত শ্ৰীশ্ৰী জকাই সত্ৰত কাঠৰ পুতলাৰে পুতলা নাচ প্ৰদৰ্শন কৰে ।

শিৱসাগৰৰ শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন

"সীতা হৰণ বালি বধ" নামৰ ৰামায়ণৰ কাহিনীৰ আধাৰত প্ৰদৰ্শন কৰা পুতলা নাচ চাবলৈ লোকে লোকাৰণ্য হৈ পৰে । ইফালে এই অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে শ্ৰী শ্ৰী জকাইসত্ৰৰ পুতলা নাচ নাটৰ উদ্বোধন কৰে ।

পুতলা নাচৰ পূৰ্বে গুৰুঘাট মাৰি নাচৰ আৰম্ভণি কৰা হয় । মঞ্চৰ বাহিৰত গায়নে সূত্ৰধাৰৰ কাম কৰে । দৰ্শকৰ দৃষ্টিৰ আঁৰত থাকি হাতৰ কিটিপেৰে পুতলাসমূহ নচুৱাই আৰু চুপহি, হুইচেল ব্যৱহাৰ কৰি সংলাপ প্ৰক্ষেপ কৰে পুতলা নাচ প্ৰদৰ্শকে । পৰম্পৰাগতভাৱে চলি অহা এই লোক সংস্কৃতিসমূহৰ ভিতৰত পুতলা নাচ হৈছে ভাৰতৰ অতি প্ৰাচীনতম লোক নাট্য অনুষ্ঠান । মহাপুৰুষ শংকৰদেৱৰ আদি দশমত ‘ছায়া পুতলা’ৰ উল্লেখ থকালৈ চাই এই অনুষ্ঠানটি শংকৰী যুগৰ আগৰ পৰাই চলি আহিছিল বুলি ভবাৰ অৱকাশ আছে ।

অসমত পৰম্পৰাগতভাৱে চলি অহা সূতা পুতলাসমূহ কুহিলাৰ সহায়ত গঢ়া হয়। কুহিলাত আঠালেভিয়া মাটি, গোবৰ, কাপোৰ আদি মেৰিয়াই দি তাৰ ওপৰত হেঙুল-হাইতাল সানি পুতলাৰ চৰিত্ৰ অনুসৰি কানি-কাপোৰ, আ-অলংকাৰ পিন্ধোৱা হয়। প্ৰয়োজন অনুসৰি ধনু-কাঁড়, গদা আদিও পুতলাৰ হাতত তুলি দিয়া হয়। আঁৰ কাপোৰৰ আঁৰত থকা এজন ব্যক্তিয়ে পুতলাবোৰৰ হাত, ভৰি, কঁকাল আৰু মূৰত ক’লা সূতা বান্ধি ভিতৰৰ পৰা পুতলাবোৰ সঞ্চালন কৰে । পুতলা নাচত সাধাৰণতে ৰামায়ণ-মহাভাৰত আদি আখ্যানবোৰক ইয়াৰ কাহিনী হিচাপে লোৱা হয় ।

লগতে পঢ়ক : কাঠফুলা খাই শিৱসাগৰত 10 জন অসুস্থ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.