আমগুৰি ২৫ ছেপ্টেম্বৰ: অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলিছে যতীন বৰাৰ 'ৰত্নাকৰ' চলচ্চিত্ৰৰ ৷ বুধবাৰে টিম ৰত্নাকৰে 'ৰত্নাকৰ'ৰ প্ৰচাৰ চলায় শিৱসাগৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ৷ অহা ১১ অক্টোবৰত ছবিগৃহলৈ আহিব অসমীয়া চলচ্চিত্ৰ 'ৰত্নাকৰ' ৷ ছবিগৃহলৈ আহিবলগীয়া এই ছবিখনৰ প্ৰচাৰৰ বাবে বুধবাৰে নামতিত উপস্থিত হয় অসমৰ বিশিষ্ট অভিনেতা যতীন বৰা, মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি ছবিখনৰ লগত জড়িত বহু কেইজন কলা-কুশলী ৷
শিৱসাগৰৰ পিছত টিম ৰত্নাকৰ উপস্থিত হয় টীয়কত ৷১১অক্টোবৰত মুক্তি পাবলগীয়া যতীন বৰাৰ "ৰত্নাকৰ"ৰ প্ৰচাৰৰ উদ্দেশ্যেৰে টীয়ক জাতীয় বিদ্যালয়ত দেখা গ'ল "ৰত্নাকৰ"ৰ পৰিয়াল"ক ৷ টীয়ক চিনে ক্লাৱৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত "ৰত্নাকৰ " পৰিয়াল উপস্থিত হোৱাৰ লগে লগেই হৰ্ষোল্লাসেৰে ভৰি পৰে টীয়ক জাতীয় বিদ্যালয় চৌহদ ।