ETV Bharat / state

State GST raid: শিৱসাগৰ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ বিভাগৰ অভিযান - Tax department raids on business establishments

শিৱসাগৰ নগৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত শুকুৰবাৰে কৰ বিভাগে অভিযান চলাই বহু নথি-পত্ৰ জব্দ কৰে (Income Tax Department raid in Sivasagar)। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে GST ৰ কৰ ফাঁকিৰ সন্দেহ কৰি বিভাগে এই অভিযান চলোৱা বুলি জানিব দিলে অভিযানকাৰী দলে ।

Income Tax Department seized several documents from business establishment in Sivasagar
শিৱসাগৰত কৰ বিভাগৰ অভিযান
author img

By

Published : Aug 6, 2022, 10:07 AM IST

শিৱসাগৰ, 6 আগষ্ট: শিৱসাগৰত কৰ বিভাগৰ অভিযান (Income Tax Department raid in Sivasagar) ৷ শিৱসাগৰ নগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত শুকুৰবাৰে STATE GST বিভাগে এক অভিযান চলাই বহু নথি-পত্ৰ জব্দ কৰে । ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰোদ্ধে GST ৰ কৰ ফাঁকিৰ সন্দেহ কৰি বিভাগে এই অভিযান চলোৱা বুলি জানিব দিলে অভিযানকাৰী দলে ।

৮ জনীয়া অভিযানকাৰী দলটোৱে দীৰ্ঘ সময় ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিভিন্ন কৰ সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ ক্ৰয়-বিক্ৰয় ৰেজিষ্টাৰ পৰীক্ষা কৰে । শিৱসাগৰ নগৰৰ মাৰোৱাৰীপট্টিৰ ভাৰত ষ্টোৰ নামৰ আমূলৰ বিতৰকৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলোৱা দলটোৱে অভিযান সন্দৰ্ভত কোনো তথ্য ফাদিল কৰাৰ পৰা বিৰত থাকে (State GST raid at Amul Distributer)।

শিৱসাগৰত কৰ বিভাগৰ অভিযান

উল্লেখ্য যে জব্দকৃত তথ্যসমূহ পৰীক্ষাৰ অন্ততহে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ ফাঁকি সন্দৰ্ভত প্ৰকৃত তথ্য জানিব পৰা যাব বুলি বিভাগৰ লোকে উল্লেখ কৰে । ৰাম কিশোৰ বাগৰী আৰু কমল চান্দক নামৰ ব্যক্তি দুজনৰ মালিকনাধীন ব্যৱসায়িক প্ৰতিষ্ঠানখনে বহু দিনৰ পৰা কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল । যুটীয়া কৰ আয়ুক্তৰ নিৰ্দেশত সম্পন্ন হোৱা এই অভিযান কালত কৰ বিভাগৰ দলটোৱে জব্দ কৰে এটা CPU ।

লগতে পঢ়ক: নগাঁৱত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদাম ছীল বিক্ৰী কৰ বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.