ETV Bharat / state

কাইলৈ মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন 'আলি আয়ে লৃগাং' - পুৰাং আপিন

মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন আলি আয়ে লৃগাং উপলক্ষে সাজু মিচিং লোকসকল ৷ কাইলৈ মিচিং জনগোষ্ঠাৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং ৷ লৃগাং উপলক্ষে অন্তিম প্ৰস্তুতি দেখা গৈছে ডিমৌৰ কৈৱৰ্তদলনী মিচিং গাঁৱত ৷

'আলি আয়ে লৃগাং'
'আলি আয়ে লৃগাং'
author img

By

Published : Feb 18, 2020, 11:13 PM IST

শিৱসাগৰ, 18 ফেব্ৰুৱাৰীঃ কাইলৈ ওৰ পৰিব বহু দিনৰ পৰাই চলি অহা লৃগাংৰ প্ৰস্তুতি ৷ মিচিং ডেকাৰ ঢোলৰ চাপৰত লাহী কঁকাল ভাঙিব মিচিং নাচনীয়ে ৷ লৃগাং উপলক্ষে অন্তিম প্ৰস্তুতি দেখা গৈছে ডিমৌৰ কৈৱৰ্তদলনী মিচিং গাঁৱত ৷ ফাগুন মাহৰ প্ৰথম বুধবাৰটোত পালন কৰা হয় মিচিং সকলৰ এই বসন্ত উৎসৱটি ৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আয়ে" মানে ফল আৰু "লৃগাং" মানে হৈছে উৎসৱ ৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে সকলোৱে সমূহীয়া ভোজ ভাত খাই নৃত্য-গীত কৰে ৷ উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীসকলে পঃৰ আপং (ছাইমদ), নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে ৷ লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰ সম্বলিত কিছুমান মচাং, এগে, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়ায় ৷

কাইলৈ মিচিং জনজীৱনৰ প্ৰাণৰ স্পন্দন 'আলি আয়ে লৃগাং'

গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে৷ গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে ৷ উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি পুৰাং আপিন সিজায় ৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে ৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে৷ পীঃৰৰ আলিত থকা পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে ৷ পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া পাকছ-মনাম নৃত্য কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.