ETV Bharat / state

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ সৰ্বস্বান্ত আমগুৰিৰ এটা পৰিয়াল - ওজনি অসম মাইক্ৰ'ফাইনেন্স কোম্পানী

শিৱসাগৰৰ আমগুৰিত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ-বাৰী বিক্ৰী কৰি ভাড়াঘৰৰ বাসিন্দা হ'ল জেহেনীয়া গাঁৱৰ এটা পৰিয়াল ৷

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ সৰ্বশ্ৰান্ত আমগুৰিৰ এটা পৰিয়াল
author img

By

Published : Nov 3, 2019, 12:39 PM IST

আমগুৰি,3 নৱেম্বৰ : মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লুণ্ঠনক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে আমগুৰিত পোহৰলৈ আহিছে এটি পৰিয়ালৰ কৰুণ কাহিনী ৷ মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ লৈ এইবাৰ আমগুৰিত সৰ্বস্বান্ত হ'ল এটা পৰিয়াল । আমগুৰি জেহেনীয়া গাঁওৰ সৰুমাই গগৈ আৰু পুত্ৰ প্ৰবীণ গগৈয়ে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ লোৱাৰ ফলত অঘৰী জীৱন অতিবাহিত কৰিব লগা পৰিস্থিতিৰ মুখামুখি হৈছে ৷ নিজৰ ঘৰ, মাটি-বাৰী সহ সকলো ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে অৱশেষত পৈত্ৰিক সম্পত্তি বুলি থকা ২ কঠা মাটিৰ ঘৰৰ ভেঁটিটো বিক্ৰী কৰিব লগা হ'ল । বৰ্তমান পৰিয়ালটোৱে মাতৃ-পুত্ৰ-বোৱাৰীসহ আশ্ৰয় ল'ব লগা হৈছে ভাড়াঘৰত ।

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ সৰ্বশ্ৰান্ত আমগুৰিৰ এটা পৰিয়াল

পৰিয়ালটোৰ অভিযোগ, আৰোহন, বন্ধন আৰু ছেটিংছ নামৰ প্ৰতিষ্ঠানৰ এজেণ্ট আৰু একাংশ দালাল ব্যক্তিয়ে অতি নিৰ্দয়ভাৱে ঘৰৰ টিনপাট,প্ৰেচাৰ-কুকাৰ, টিভি, আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও কাঢ়ি নিয়ে । অৱশেষত পৰিয়ালটোৱে ঘৰৰ ভেঁটিটো বিক্ৰী কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় ।

Intro:Body:আমগুৰি ৩ নবেম্বৰ:
………………………………

মাইক্ৰফাইনেন্স কোম্পানীৰ লুণ্ঠনক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে আমগুৰিত পোহৰলৈ আহিছে এটা পৰিয়ালৰ কৰুণ কাহিনী

মাইক্ৰফাইনেন্স কোম্পানীৰ ঋণ লৈ এইবাৰ আমগুৰিত সৰ্বশ্ৰান্ত হ'ল এটা পৰিয়াল।

আমগুৰি জেহেনীয়া গাঁওৰ সৰুমাই গগৈ আৰু পুত্ৰ প্ৰবীণ গগৈয়ে মাইক্ৰফাইনেন্স কোম্পানীৰ ঋণ লৈ আঘৰী জীৱন অতিবাহিত কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

নিজৰ ঘৰ, মাটি-বাৰী, ঘৰৰ টিনপাট, প্ৰেচাৰ-কুকাৰ, টিভি সকলো বিক্ৰী কৰি সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোৱে অৱশেষত পৈত্ৰিক সম্পত্তি বুলি থকা ২কঠা মাটিৰ ঘৰৰ ভেঁটিটো বিক্ৰী কৰিব লগা হ'ল।

পৈত্ৰিক সম্পত্তিৰ ঘৰৰ ভেঁটিটো বিক্ৰী কৰি অৱশেষত মাতৃ-পুত্ৰ-বোৱাৰীসহ আশ্ৰয় লব লগা হৈছে ভাড়াঘৰত।

আৰোহন, বন্ধন, ছেটিংছৰ পৰা ঋণ লৈ সৰ্বশ্ৰান্ত হোৱা পৰিয়ালটোৰ মাতৃগৰাকীয়ে পুত্ৰ-বোৱাৰীক বুকুত লৈ দুৰ্বিষহভাৱে জীৱন অতিবাহিত কৰিব লগা হৈছে।

পকা মিস্ত্ৰীৰ কাম কৰা পুত্ৰৰ অসুখত ভোগাৰ কাৰণে ঋণৰ কিস্তি দিব পৰা নাছিল। যাৰ বাবে একাংশ গোটৰ মানুহ, আৰু একাংশ দালালী ব্যক্তিয়ে অতি নিৰ্দয়ভাৱে আশ্ৰয়গ্ৰহণকাৰী ঘৰৰ টিনপাট,প্ৰেচাৰ-কুকাৰ, টিভি, আৰু অন্যান্য লাগতিয়াল সামগ্ৰী কাঢ়ি নিয়ে। অৱশেষত পৰিয়ালটোৱে পৈত্ৰিক সম্পত্তিৰ ঘৰৰ ভেঁটিটো বিক্ৰী কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিয়ালটোৰ এনে দুৰৱস্থাৰ পিছতো নিৰ্দয়ভাৱে মাইক্ৰফাইনেন্স কোম্পানীয়ে ৰেহাই নিদি অৱশেষত অঘৰী জীৱন কটাবলৈ বাধ্য কৰালে পৰিয়ালক।

এখন বাস্তৱ ছবিৰ নিৰ্দয় কাহিনীয়ে ব্যৰ্থিত কৰিছে সকলোকে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.