ETV Bharat / state

AASU Protest : পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত আছুৰ প্ৰতিবাদ - Sivasagar AASU protest

পৌৰকৰ বৃদ্ধিৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ উত্তাল প্ৰতিবাদ (Sivasagar AASU protest against Municipality tax hike) । শিৱসাগৰ পৌৰসভা কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা আছু কৰ্মকৰ্তাৰ ।

AASU protest
AASU protest
author img

By

Published : Mar 31, 2023, 3:07 PM IST

পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত আছুৰ প্ৰতিবাদ

শিৱসাগৰ, ৩১ মাৰ্চ : শুকুৰবাৰে শিৱসাগৰ পৌৰসভা কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Sivasagar AASU protest at SMC office) । বৰ্ধিত পৌৰকৰৰ বিৰুদ্ধে শিৱসাগৰ আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । আছুৱে এক প্ৰতিবাদী সমদল উলিয়াই শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ পৌৰসভাৰ বিষয়ববীয়াক লগ কৰি পৌৰকৰ বৃদ্ধি নকৰিবলৈ আবেদন জনোৱাৰ কথা আছিল (Sivasagar Municipal Corporation) ।

কিন্তু গণতান্ত্ৰিক আন্দোলন কৰাৰ পাছতো বহু সময় ধৰি শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰ আৰু উপ-পৌৰপতি সঞ্জীৱ বৰুৱা কোনো এজনে কাৰ্যালয়ৰ পৰা ওলাই নহাত আছু কৰ্মকৰ্তাসকলে শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰ মুর্দাবাদ আৰু উপ-পৌৰপতি সঞ্জীৱ বৰুৱা মুর্দাবাদ,পৌৰসভাৰ পৌৰনেত্ৰী, উপ-পৌৰপতিৰ মইমতালি নচলিব আদি বিভিন্ন শ্লোগান দি শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে (Sivasagar AASU protest against Municipality tax hike) ।

উল্লেখ্য যে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে এইবাৰ পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱে শংকিত কৰি তুলিছে ৰাইজক । ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এই উপলক্ষে শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰৰ পৰা পৌৰসভাৰ কাৰ্যালয়লৈকৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা হয় । এই প্ৰতিবাদী সমদল উলিওৱাৰ উপৰি বহু সময় ধৰি শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই । লক্ষণীয় যে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীত পৌৰসভাৰ এলেকাৰ সৰ্বসাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে শেহতীয়াভাৱে অসম চৰকাৰে পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ সকলো ধৰণৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন কৰ । নতুন কৰ হাৰত সম্পত্তি কৰ পূৰ্বতকৈ কেইবাগুণে বৃদ্ধি পাব । ইতিমধ্যে এই পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদ ৰাজ্যৰ সৰ্বত্ৰে হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.