ETV Bharat / state

আমগুৰিত অনিৰ্দিষ্টকাললৈ বন্ধ ভাৰতীয় ষ্টেট বেংকৰ শাখা - আমগুৰি ক’ভিড

আমগুৰিত অনিৰ্দিষ্টকাললৈ বন্ধ ভাৰতীয় ষ্টেটৰ বেংক শাখা ৷ শাখাটোৰ কৰ্মচাৰীৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাচত এই সিদ্ধান্ত বেংক কৰ্তৃপক্ষৰ ৷

amguri sbi closed
আমগুৰিত ভাৰতীয় ষ্টেট বেংক শাখা বন্ধ
author img

By

Published : Apr 29, 2021, 1:31 PM IST

আমগুৰি,29 এপ্ৰিল: শিৱসাগৰ জিলাৰ আমগুৰিত অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হৈছে ভাৰতীয় ষ্টেট বেংক শাখা ৷ শাখাটোৰ কৰ্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাচতে শাখাটো বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেংক কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, আমগুৰিত ক্ৰমান্বয়ে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । ইতিমধ্যে ম’ৰাবজাৰৰ এগৰাকী 75 বছৰীয়া মহিলা ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে ।

আমগুৰিত অনিৰ্দিষ্টকাললৈ বন্ধ ভাৰতীয় ষ্টেট বেংকৰ শাখা

প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে আমগুৰিত 20 গৰাকীৰো অধিক ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : নৈশ সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ধেমাজি আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.