ETV Bharat / state

আমগুৰিত পদ-পথৰ ব্যৱসায়ীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ - অসম যুৱ পৰিষদ

পদ-পথৰ ব্যৱসায়ীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ৷ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ এই প্ৰশংসনীয় কাৰ্য ৷

relief distribution at amoguri among small businessman
আমগুৰিত পদ-পথৰ ব্যৱসায়ীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
author img

By

Published : May 22, 2021, 9:19 PM IST

আমগুৰি, ২২ মে': ভয়াৱহ ক’ভিড মহামাৰীৰ সন্ত্ৰাসত জৰ্জৰিত সমগ্ৰ ৰাজ্য ৷ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰিছে এটাৰ পিছত আনটো দীঘলীয়া ল’কডাউন ৷ যাৰ ফলস্বৰূপে ক্ষতিগ্ৰস্থ হৈছে সমাজৰ সৰ্ব স্তৰৰ লোক ৷ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ খাটি খোৱা তথা ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷ এনে পৰিস্থিতিত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ক’ভিডকেন্দ্ৰিক প্ৰশংসনীয় কাৰ্য ৷

ক'ভিড মহামাৰীৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সান্ধ্য আইন প্ৰবৰ্তন কৰাৰ ফলস্বৰূপে সমগ্ৰ অসমৰ লগতে আমগুৰি নগৰৰ পদ-পথৰ ব্যৱসায়ীসকলৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ যাৰ ফলত এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ দৈনিক উপাৰ্জন বন্ধ হৈ পৰে ।

অসম যুৱ পৰিষদ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাৰ নেতৃত্বত শনিবাৰে অগপ-বিজেপিৰ কৰ্মীসকলে আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি নগৰৰ পদ-পথৰ ব্যৱসায়ীসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ সংগঠনটোৰ এনে মহৎ কাৰ্যৰ বাবে ব্যৱসায়ী সকলৰ লগতে অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : নগাঁৱত নিচাযুক্ত সামগ্ৰীসহ আটক চাৰি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.