ETV Bharat / state

ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা আৰম্ভ ৰাইজৰ দলৰ গণ সংযোগ যাত্ৰা - loksabha election 2024 in assam

দেওবাৰৰ পৰা ৰাইজৰ দলে আৰম্ভ কৰিছে গণ সংযোগ যাত্ৰা ৷ ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰম্ভ হৈছে এই অভিযান ৷ শিৱসাগৰ নগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা ৷

raijor dal started public relations campaign in assam
ৰাইজৰ দলৰ গণ সংযোগ যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 2:32 PM IST

ৰাইজৰ দলৰ গণ সংযোগ যাত্ৰা

শিৱসাগৰ, 20 নৱেম্বৰ : কংগ্ৰেছকে ধৰি আন আন ৰাজনৈতিক দলবোৰৰ পিচত এইবাৰ নৱগঠিত ৰাইজৰ দলে আৰম্ভ কৰিছে গণ সংযোগ যাত্ৰা ৷ ৰাইজৰ দলে দেওবাৰৰ পৰা আৰম্ভ কৰিছে এই বিশেষ যাত্ৰা ৷ শিৱসাগৰ নগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা "ৰাইজৰ দল ৰাইজৰ মাজত" শীৰ্ষক গণ সংযোগ কাৰ্যসূচী আৰম্ভ কৰিছে দলটোৱে ।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে দলটোৰ কেন্দ্রীয় উপ-সভাপতি ৰঞ্জিত তামুলীয়ে । ৰংঘৰৰ সমুখত মূৰ দোৱাই আৰম্ভ কৰা এই যাত্ৰাৰ জৰিয়তে দলটোৱে অসমৰ প্ৰতিখন গাঁও, চহৰ, বাগান তথা প্ৰতিটো অঞ্চল সামৰি ল’ব বুলি জানিবলৈ দিয়ে ।

গণ সংযোগ কাৰ্যসূচীৰ জৰিয়তে দলটোৱে গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাইজৰ মাজত জনমত গঢ়াৰ লগতে জনগণক ৰাজনৈতিক, অর্থনৈতিক, সামাজিক অধিকাৰৰ প্ৰতি সজাগ কৰাৰ সমান্তৰালভাৱে জনগণৰ মাজত বিশ্বাস আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ দিশটোত গুৰুত্ব প্ৰদান কৰিব বুলি দলটোৰ সভাপতি অখিল গগৈয়ে জানিবলৈ দিয়ে ৷

অসমত প্ৰগতিশীল আঞ্চলিকতাবাদৰ এক নতুন ধাৰাৰ সৃষ্টি কৰাৰ প্ৰয়াসেৰে আৰম্ভ কৰা এই যাত্ৰাত দলটোৱে জাতি-বৰ্ণ-ভাষা নির্বিশেষে অসমক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোকৰে সহযোগিতা কামনা কৰিছে । এই যাত্ৰাত আজি দলটোৰ বৃহৎ সংখ্যক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । ৰাজ্যজুৰি চলিব লগা এই যাত্ৰাত অংশগ্ৰহণকাৰীসকলে পৰৱৰ্তী 19 টা দিন শিৱসাগৰ বিধানসভা সমষ্টিৰ 19 টা গাঁও পঞ্চায়তত এই যাত্ৰাৰ কাৰ্যসূচী সমাপন কৰিব ।

ইয়াৰ পাচত এই যাত্ৰা অন্যান্য সমষ্টি আৰু জিলা অভিমুখে ৰাওনা হ’ব বুলি জানিব দিয়ে দলীয় কৰ্ম-কৰ্তাই ।

লগতে পঢ়ক: বিভিন্ন দাবীৰ সমৰ্থনত শিৱসাগৰত পৌৰকৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.