ETV Bharat / state

শিৱসাগৰত মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰত মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মহিলাৰ প্ৰতিবাদ ৷

author img

By

Published : Nov 6, 2020, 4:34 PM IST

public protest against micro finance company at sivsagar
শিৱসাগত মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰ,6 নৱেম্বৰঃ ৰাজ্যত কাঠফুলাৰ দৰে গজি উঠা মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে অত্যাচাৰ আৰু শোষণৰ কৰাৰ অভিযোগ বহু পুৰণি। কোনো চৰকাৰী অথবা ৰিজাৰ্ভ বেংকৰ নীতি-নিয়ম নমনা একাংশ মাইক্ৰ ফাইনেঞ্চ কোম্পানীয়ে ঋণ দিয়াৰ নামত মহিলা সকলক শোষণ-লাঞ্চনা কৰাৰ অভিযোগ উঠিছে ৷

তাৰ মাজতে শুক্ৰবাৰে মাইক্ৰ ফাইনেঞ্চৰ এনে লুণ্ঠন-বঞ্চণাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শতাধিক মহিলাই শিৱসাগৰৰ ৰাজপথ প্ৰতিবাদী ৰ্কাযসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে, বাৰম্বাৰ প্ৰশাসন আৰু চৰকাৰক এনে মাইক্ৰ ফাইনেঞ্চৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷

যাৰবাবে উপায়ন্তৰ হৈ শুকুৰবাৰে শতাধিক মহিলাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি মাইক্ৰ ফাইনেঞ্চ সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে তীব্ৰ প্ৰতিবাদী কাযসূচী গঢ়ি তুলাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়কঃ টোলগেট সম্পৰ্কত বিধায়ক দেবানন্দ হাজৰিকাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.