শিৱসাগৰ, 28 আগষ্ট: মহিলা সকলৰ লগতে শিৱসাগৰৰ ভিন্ন দল-সংগঠনৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে গীত কামৰূপাৰ বিৰুদ্ধে ৷ তেওঁ কৰা এক বিৰূপ মন্তব্যক লৈ সম্প্ৰতি ক্ষোভিত হৈ পৰিছে দল-সংগঠন ৷ যাৰ বাবে শুকুৰবাৰে গীত কামৰূপা নামৰ মহিলা গৰাকীৰ লগতে তেওঁৰ সংস্থাৰ লগত জড়িত আন আন মহিলা সকলৰ বিৰুদ্ধে যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে ওলাই আহিল শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ সদস্যসকল ৷
শুকুৰবাৰে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত গীত কামৰূপাৰ পুত্তলিকা দাহ কৰি সংগঠনটোৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গীত কামৰূপাক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীৰে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল শিৱসাগৰৰ কেইবাটাও দল-সংগঠনে ৷ কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে সেই মহিলাগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলে ৷ যদিহে গীত কামৰূপাক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেন্তে শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: নলবাৰীত যুৱ ব্যৱসায়ী হত্যাৰ প্ৰতিবাদ