ETV Bharat / state

ধোদৰ আলিৰ মেৰামতিৰ দাবীত পথ অৱৰোধ

author img

By

Published : Aug 12, 2020, 5:18 PM IST

ঐতিহাসিক এই পথটোৰ উপৰেদিয়েই দৈনিক অহা-যোৱা কৰে অএনজিচৰ লগতে শিল বালি কয়লা কঢ়িওৱা গধুৰ গধুৰ যান-বাহন। কিন্তু আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পথটো ৷  গড়কাপ্তানি বিভাগকো বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো ধোদৰ আলিৰ পুনৰ নিৰ্মাণ আৰু দিখৌ দলং মেৰামতি নকৰিলে বিভাগটোৱে ৷

protest-against-pwd-at-nazira
নাজিৰাত ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ

নাজিৰা, ১২ আগষ্ট : নাজিৰা নগৰৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলিৰ দিখৌ দলঙৰ কাষত বুধবাৰে তিনিঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনাৰ লগতে বহুকেইটা জাতীয় সংগঠনৰ সদস্যই ৷ ঐতিহাসিক ধোদৰ আলি নিৰ্মাণ আৰু দিখৌ দলং মেৰামতিৰ দাবীতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ পথ অৱৰোধৰ ফলত পথটোত বহু সময় ধৰি আবদ্ধ হৈ পৰে যানবাহন ৷

ঐতিহাসিক এই পথটোৰ উপৰেদিয়েই দৈনিক অহাযোৱা কৰে অএনজিচৰ লগতে শিল বালি কয়লা কঢ়িওৱা গধুৰ গধুৰ যান বাহন । কিন্তু আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পথটো ৷ গড়কাপ্তানি বিভাগকো বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো ধোদৰ আলিৰ পুনৰ নিৰ্মাণ আৰু দিখৌ দলং মেৰামতি নকৰিলে বিভাগটোৱে ৷ যাৰ কাৰণেই বুধবাৰে ৰাজপথলৈ উলাই আহি পথ অৱৰোধ কাৰ্যসূচী হাতত ল'লে বীৰ লাচিত সেনা অসমৰ লগতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , ঐক্য সেনা অসমৰ সদস্য সকলে ৷

লগতে পঢ়ক : ২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গুৱাহাটী আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.