ETV Bharat / state

শীঘ্ৰে দিখৌমুখত আৰম্ভ হ'ব পাইলট প্ৰজেক্টৰ কাম - Pradip Hazarika

বিদেশী কোম্পানীৰ হাতত এই কামৰ দায়িত্ব অৰ্পণ কৰা লগতে শীঘ্ৰে ৰূপায়ণৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ।

Flood Affected area visit
শীঘ্ৰে দিখৌমুখত আৰম্ভ হ'ব পাইলট প্ৰজেক্টৰ কাম
author img

By

Published : Jun 30, 2020, 11:58 AM IST

আমগুৰি, 30 জুন: শিৱসাগৰৰ আমগুৰি সমষ্টিৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে শীঘ্ৰে পাইলত প্ৰজেক্টৰ কাম আৰম্ভ হ'ব । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ মঙলবাৰে বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি উল্লেখ কৰে এই কথা ৷ তেওঁ বান আৰু গৰাখহনীয়া স্থায়ী সমাধানৰ বাবে 170 কোটি টকীয়া পাইলট প্ৰজেক্টৰ কাম হাতত লোৱা বুলি অৱগত কৰে । এই কাম বিদেশী কোম্পানীৰ হাতত অৰ্পণ কৰা লগতে শীঘ্ৰে ৰূপায়ণৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে বিধায়ক হাজৰিকাই ।

শীঘ্ৰে দিখৌমুখত আৰম্ভ হ'ব পাইলট প্ৰজেক্টৰ কাম

বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টিটোৰ ৰূপহীমুখ,দিখৌমুখ,1 নং আলিমূৰ,ৰূপহীমুখ মিচিং গাঁও,পুৰণি গুদাম,স'ৰাগুৰি চাপৰিৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় ৷ বিধায়ক হাজৰিকাই বানাক্ৰান্তৰ মাজত চাউল, দাইলো বিতৰণ কৰে । আনহাতে স্বাস্থ্য বিভাগে বানাক্ৰান্তৰ মাজত জ্বৰ, কাহ, বমি, পায়খানা, খজুৱটি, ভিটামিনৰ টেবলেট যোগান ধৰে । উল্লেখ্য যে 1985 চনৰ পৰা ধাৰাবাহিকভাৱে ৰূপহীমুখ, দিখৌমুখ আৰু স'ৰাগুৰি চাপৰিত বান আৰু গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰা লগতে শতাধিক পৰিয়াল গৃহহীন হৈছে ৷ চকুলোৰে বাট নেদেখা হোৱা ৰূপহীমুখ, দিখৌমুখ আৰু স'ৰাগুৰি চাপৰিত ইতিমধ্যে মাটি ভেঁটি হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে বহু পৰিয়াল ।

লগতে পঢ়ক : দ্বিতীয় দিনা লক ডাউনঃ স্তব্ধ গুৱাহাটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.