ETV Bharat / state

শিৱসাগৰত জিলা উপায়ুক্তৰ অনুমতি অবিহনেই পাচলি ব্যৱসায়ীক অনুমতি আৰক্ষীৰ

author img

By

Published : Apr 18, 2020, 11:54 AM IST

দেশবাসীক এই ভাইৰাছৰ পৰা ৰক্ষা কৰিবৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা ৷ কিন্তু তাৰ মাজতেই যেন একাংশই উলংঘন কৰি আহিছে চৰকাৰী নীতি নিৰ্দেশনা ৷

Police given permision to bring vegitables from other district without concent of district collector
শিৱসাগৰত জিলা উপায়ুক্তৰ অনুমতি অবিহনেই পাচলি ব্যৱসায়ীক অনুমতি আৰক্ষীৰ

শিৱসাগৰ,18 এপ্ৰিল: কৰণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ দেশবাসীক এই ভাইৰাছৰ পৰা ৰক্ষা কৰিবৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা ৷ কিন্তু তাৰ মাজতেই যেন একাংশই উলংঘন কৰি আহিছে চৰকাৰী নীতি নিৰ্দেশনা ৷ শনিবাৰে পুৱাই শিৱসাগৰ জিলাত সংঘটিত হোৱা এক ঘটনাই চিন্তিত কৰিছে সচেতন ৰাইজক ৷ কৰ'ণাৰ সংক্ৰমণৰ পৰা জিলাবাসীক ৰক্ষা কৰিবলৈ আৰু জিলা খনৰ পাচলি খেতিয়কক সকাহ দিয়াৰ লক্ষ্যৰে সতৰ্কতামূলক পদক্ষেপ হিচাপে শিৱসাগৰ জিলা উপায়ুক্তই আৰোপ কৰিছিল বহি:জিলাৰ পৰা পাচলি সৰবৰাহত নিষেধাজ্ঞা ৷ কিন্তু ইয়াৰ পাছতো শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই একাংশ ব্যৱসায়ীৰে মিতিৰালি পাতি প্ৰশাসনৰ অনুমতি অবিহনে শিৱসাগৰলৈ সৰবৰাহ হোৱা পাচলি বিক্ৰীৰ অনুমতি দিয়াত খৰ্গহস্ত হৈ পৰিছে উপায়ুক্ত লক্ষ্মীনন্দন গগৈ ৷ উপায়ুক্ত গৰাকীয়ে অ'চিয়ে অনুমতি প্ৰদান কৰা ব্যৱসায়ীৰ 4 টন পাচলি জব্দ কৰাৰ লগতে ঘটনা সম্পৰ্কত ঘোষণা কৰে তদন্ত ৷

উল্লখ্য যে শনিবাৰে পুৱাই AS-01FC-5221 নম্বৰৰ ট্ৰাক যোগে প্ৰশাসনৰ অনুমতি অবিহনে দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা শিৱসাগৰৰ ধাইআলিৰ ৰচিদ ওৰফে মতলিব আহমেদ নামৰ এগৰাকী ব্যৱসায়ীয়ে আনিছিল ৪ টন পাচলি ৷ প্ৰশাসনৰ অনুমতি অবিহনে সৰবৰাহ হোৱা পাচলিৰ গাড়ীখন জব্দ কৰি শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে ৰাইজে ৷ কিন্তু শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰাই প্ৰশাসন তথা যোগান বিভাগক এই সম্পৰ্কত কোনো কথা জানিবলৈ নিদি পুনৰ পূৰ্বৰ পৰা ঘনিষ্ঠতা থকা ব্যৱসায়ী মতলিব আহমেদক পাচলি সমূহ বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰে ৷ ইফালে ৰাইজে আৰক্ষীক চমজাই দিয়াৰ 10 মিনিটৰ ভিতৰতে প্ৰশাসনৰ অনুমতি অবিহনেই সৰবৰাহ কৰা পাচলি সমূহ পুনৰ অবৈধ সৰবৰাহকাৰী মতলিব আহমেদক বিক্ৰীৰ অনুমতি প্ৰদান কৰাত ৰাইজে অভিযোগ প্ৰদান কৰে জিলা উপায়ুক্তক ৷ উপায়ুক্তই বিষয়টোৰ সম্পৰ্কত তৎকালীন ভাৱে যোগান পৰিদৰ্শকক ঘটনাস্থলীলৈ প্ৰেৰণ কৰাত যোগান পৰিদৰ্শকে জব্দ কৰে ট্ৰাকসহ 4 টন পাচলি ৷ ইফালে খোদ জিলা উপায়ুক্তৰ নিৰ্দেশনাক ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰাই অমান্য কৰি ঘনিষ্ঠ ব্যৱসায়ীক এনেদৰে ব্যৱসায় চলাবলৈ অনুমতি দিয়াত ক্ষোভিত উপায়ুক্তই পাচলি বিষয়টোৰ তদন্ত ঘোষণা কৰে ৷

উল্লেখনীয় যে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিশেষ দৰদ থকা মতলিব আহমেদ নামৰ ব্যৱসায়ী গৰাকীয়ে লক ডাউনৰ নিৰ্দেশনা উলংঘা কৰি বিগত 20 দিন ধৰি মাছ-মাংসৰ বেপাৰো কৰি আহিছে ৷ লগতে তিনিগুণ পৰ্যন্ত দামত পাচলি বিক্ৰীৰে মুনাফা লুটি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৰাইজে ৷ উপায়ুক্তৰ নিৰ্দেশত পাচলি জব্দ কৰা যোগান পৰিদৰ্শকে আৰক্ষীয়ে যোগান বিভাগৰ অগোচৰে এনে ভূমিকা লোৱাত আশ্বৰ্য প্ৰকাশ কৰাৰ লগতে এনে কাৰ্য নীতিবহিৰ্ভুত বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়কঃ আমগুৰি বৰবাম চাহ বাগিচাৰ কাম কাজ পুনৰ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.