আমগুৰি ৭ জুলাই : অৰ্থৰ অভাৱত মৃত্যু হ’ল জাগীৰোড কাগজ কলৰ এগৰাকী কর্মচাৰীৰ ৷ যোৱা তিনি বছৰ ধৰি দৰমহা লাভ নকৰা জাগীৰোড কাগজ কলৰ কর্মচাৰী চৈয়দ আব্দুছ চুভানে শনিবাৰে বিয়লি শ্বিলঙৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যক সাৱটি লয় । শিৱসাগৰ জিলাৰ আমগুৰি বৰছিলাৰ অঞ্চলৰ নিবাসী চৈয়দ আব্দুছ চুভান নামৰ ব্যক্তিজন কেইবাবছৰ ধৰি জাগীৰোড কাগজ কলত কর্মৰত আছিল । কর্মৰত অৱস্থাত থাকোতে হঠাৎ এদিন ব্যক্তিজনৰ হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাই শৰীৰত হৃদযন্ত্র সংৰোপন কৰিছিল । ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জাগীৰোড কাগজ কল বন্ধ হৈ থকাত কর্মৰত বিষয়া-কর্মচাৰীসকলে বহু বছৰ ধৰি দৰমহা আৰু অন্যান্য প্রাপ্য সুবিধা সমূহৰ পৰা বঞ্চিত হৈ অহাৰ সময়তে পুনৰ ধনৰ অভাৱত এজন কর্মচাৰীয়ে মৃত্যুক সাৱটিব লগীয়া ঘটনা পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
অৰ্থৰ অভাৱত মৃত্যু জাগীৰোড কাগজ কলৰ কর্মচাৰীৰ - শ্বিলঙ
আমগুৰিৰ বৰছিলাত শোকৰ ছাঁ ৷ শ্বিলঙৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যক সাৱটি লয় চৈয়দ আব্দুছ চুভান নামৰ ব্যক্তিগৰাকীয়ে ৷
আমগুৰি ৭ জুলাই : অৰ্থৰ অভাৱত মৃত্যু হ’ল জাগীৰোড কাগজ কলৰ এগৰাকী কর্মচাৰীৰ ৷ যোৱা তিনি বছৰ ধৰি দৰমহা লাভ নকৰা জাগীৰোড কাগজ কলৰ কর্মচাৰী চৈয়দ আব্দুছ চুভানে শনিবাৰে বিয়লি শ্বিলঙৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যক সাৱটি লয় । শিৱসাগৰ জিলাৰ আমগুৰি বৰছিলাৰ অঞ্চলৰ নিবাসী চৈয়দ আব্দুছ চুভান নামৰ ব্যক্তিজন কেইবাবছৰ ধৰি জাগীৰোড কাগজ কলত কর্মৰত আছিল । কর্মৰত অৱস্থাত থাকোতে হঠাৎ এদিন ব্যক্তিজনৰ হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাই শৰীৰত হৃদযন্ত্র সংৰোপন কৰিছিল । ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জাগীৰোড কাগজ কল বন্ধ হৈ থকাত কর্মৰত বিষয়া-কর্মচাৰীসকলে বহু বছৰ ধৰি দৰমহা আৰু অন্যান্য প্রাপ্য সুবিধা সমূহৰ পৰা বঞ্চিত হৈ অহাৰ সময়তে পুনৰ ধনৰ অভাৱত এজন কর্মচাৰীয়ে মৃত্যুক সাৱটিব লগীয়া ঘটনা পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
আমগুৰি ৭ জুলাই :-
ৰাজ্য চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জাগীৰোড কাগজ কল বন্ধ হৈ থকাত কর্মৰত বিষয়া-কর্মচাৰীসকলে বহু বছৰ ধৰি দৰমহা আৰু অন্যান্য প্রাপ্যসুবিধা সমূহৰ পৰা বঞ্চিত হৈ হাহাকাৰ হোৱাৰ সময়তে পুনৰ
ধনৰ অভাৱত এজন কর্মচাৰীয়ে মৃত্যুক সাৱতিব লগা ঘটনা পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, শিৱসাগৰ জিলাৰ আমগুৰি বৰছিলাৰ অঞ্চলৰ নিবাসী চৈয়দ আব্দুছ চুভান (৭৫) ৰ নামৰ ব্যক্তিজনে সুদীর্ঘ বছৰ ধৰি জাগীৰোড কাগজ কলত কর্মৰত অৱস্থাত আছিল । কর্মৰত অৱস্থাত থাকোতে হঠাৎ এদিন ব্যক্তিজনৰ হৃদযন্ত্রৰ ক্রিয়া হৈ যোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাই শৰীৰত হৃদযন্ত্রৰ সংৰোপন কৰিছিল । কিন্তু চৈয়দ আব্দুছ চুভান সম্পূর্ণ সুস্থ নোহোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ কথা কয় যদিও পৰিয়ালৰ লোকে ধনৰ অভাৱত শ্বিলঙৰ এখন চৰকাৰী চিকিৎসালয়ত ভর্ত্তী কৰে । স্মতব্য যে, যোৱা তিনি বছৰ ধৰি দৰমহা লাভ নকৰা জাগীৰোড কাগজ কলৰ কর্মচাৰী চৈয়দ আব্দুছ চুভানে কালি বিয়লি শ্বিলঙৰ চৰকাৰী চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাতে মৃত্যক সাৱতি লয় । উন্নত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি লোৱা জাগীৰোড কাগজ কলৰ কৰ্মচাৰীজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্রৰ লগতে বহু আত্মীয়-স্বর্জনক ইহ-সংসাৰ এৰি থৈ গৈছে ।Conclusion: