আমগুৰি,19 অক্টোবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ আমগুৰি বিধানসভা সমষ্টিৰ নামতি আলি গাঁও পঞ্চায়তটো অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ দলীয় নেতা-কৰ্মীয়ে নিজ মইমতালিৰে নিজৰ পচন্দৰ হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিত সন্নৱিষ্ট কৰাৰ অভিযোগ কৰিছে একাংশ মহিলাই ৷
তদুপৰি পঞ্চায়তটোৰ অগপ দলৰ ৱাৰ্ড সদস্যই নিজৰ নামৰ লগতে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে নিজ দলীয় মানুহকে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰো অভিযোগ উত্থাপন হৈছে ৷যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ সোমবাৰে শতাধিক মহিলাই নামতি আলি গাঁও পঞ্চায়ত ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচিত তদন্তৰো দাবী জনায় ৷
লগতে পঢ়কঃ পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান