ETV Bharat / state

ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

author img

By

Published : Jun 14, 2021, 9:37 PM IST

Updated : Jun 14, 2021, 9:53 PM IST

আহোম ৰাজত্ব কালৰ সম্পদ সমূহ আজি কি পৰ্যায়ত আছে ? ভাবিলে আচৰিত হ'ব তলতাল ঘৰৰ সংৰক্ষিত চৌহদ এতিয়া ড্ৰাপিং গ্ৰাউণ্ডলৈ ৰূপান্তৰ হৈছে ৷ নিৰ্বিকাৰ পুৰাতত্ব বিভাগৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন ৷

noduwar-of-talatal-ghar-turned-into-a-dumping-ground
ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

শিৱসাগৰ, 14 জুন : 600 বছৰীয়া আহোম ৰাজত্বৰ বিশেষ ভাৱে সাক্ষী শিৱসাগৰ ৷ স্পষ্টভাৱে শিৱসাগৰত থকা ৰজা দিনীয়া ৰং ঘৰ, তলাতল ঘৰ, কাৰেং ঘৰ আদিৰ লগতে ইতিহাস কঢ়িয়াই লৈ ফুৰা যিসমূহ কীৰ্তি-চিহ্ন আছে, সেই সমূহেই আজি সাক্ষী 600 বছৰীয়া আহোম ৰাজত্বৰ ৷ এই কীৰ্তি চিহ্ন সমূহৰ ভৱিষ্যত সম্ভাৱনীয়তাও কিন্তু সদূৰ প্ৰসাৰী ৷

ৰাজ্যৰ অৰ্থনীতিত উল্লেখনীয় ভূমিকা পালন কৰা পৰ্যটনস্থলী এই কীৰ্তি চিহ্ন সমূহৰ ভৱিষ্যত সম্ভাৱনীয়তাৰ ওপৰত বহু চিন্তাশীল লোক তথা সচেতন লোকে বিভিন্ন শিতানত লেখা মেলা কৰি আহিছে ৷ লগতে অৰ্থনৈতিক বিশ্লেষক সকলেও পৰ্যটনৰ জৰিয়তে স্বনিৰ্ভৰশীল অৰ্থনীতি গঢ়াত বিশেষ গুৰুত্ব আৰোপ কৰি ব্যাখ্যা আগবঢ়াই আহিছে ৷

এনে সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰিয়ে বহু সময়ত চৰকাৰে 600 বছৰীয়া আহোম ৰাজত্বৰ সাক্ষী হৈ থকা এই কীৰ্তি চিহ্ন সমূহৰ সংৰক্ষণ তথা আৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু সেই প্ৰতিশ্ৰুতি সমূহ কিমান দূৰ কাৰ্যত পৰিণত হয় সেয়া হয়তো ভাবিৱলগীয়া ৷

ডাপিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

প্ৰশ্ন হয়, আহোম ৰাজত্ব কালৰ এই সম্পদ সমূহ আজি কি পৰ্যায়ত আছে ? ভাবিলে আচৰিত হ'বলগীয়া ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সংৰক্ষিত অঞ্চল সমূহ এতিয়া ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰ হোৱাৰ উপশম হৈছে ৷ এই অভিযোগৰ পাচতো নিৰ্বিকাৰ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন ৷

অভিযোগ মতে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগ(Central Archaeology Department) আৰু শিৱসাগৰ জিলা প্ৰশাসন( Sivasagar District Administration)ৰ গুৰুত্বহীনতাৰ বাবে ইতিহাস কঢ়িয়াই লৈ ফুৰা তলাতল ঘৰৰ সংৰক্ষিত অঞ্চলসমূহ এতিয়া স্থানীয় লোকৰ জাৱৰ পেলোৱা স্থানলৈ ৰূপান্তৰিত হৈ পৰিছে । এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষই অৱগত হৈছে যদিও আজিকোপতি বিভাগীয় কৰ্তৃপক্ষ তথা জিলাৰ প্ৰশাসনৰ গা লৰা পৰিলক্ষিত হোৱা নাই ৷

উল্লেখ্য যে, তলাতল ঘৰৰ সংৰক্ষিত অঞ্চলত প্ৰৱেশ কৰিবলৈ তিনিখন দোৱাৰ আছে । ক্ৰমে ন দুৱাৰ, বৰ দুৱাৰ আৰু পানী দুৱাৰ । তলাতল ঘৰৰ সংৰক্ষিত অঞ্চলত প্ৰৱেশ কৰা বাবে মূল দুৱাৰখন হৈছে শিৱসাগৰ এ টি ৰোডৰ কাষতে থকা ন দুৱাৰ ৷ এই ন দুৱাৰ কাষতে এতিয়া কদৰ্যময় পৰিবেশে বিৰাজ কৰিছে ৷ ন দুৱাৰৰ কাষৰ ঠাসমূহত একাংশ এসচেতনা লোকে ঘৰৰ পেলনীয়া বস্তু, জাৱৰ পেলাই কদৰ্যময় কৰি তুলিছে ঠাইদখৰৰ পৰিবেশ ৷

এনে পৰিপেক্ষিতে শিৱসাগৰক আইকনিক চিটি আখ্যা দিবলৈ লোৱা চৰকাৰে তলাতল ঘৰৰ সংৰক্ষণত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে বীৰ লাচিত সেনা, অসমৰ শিৱসাগৰ জিলা সমিতিৰ লগতে বিভিন্ন দল সংগঠন আৰু সচেতন লোকে ৷ গতিকে তলাতল ঘৰৰ লগতে চৌহদ সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ দাবী জনাইছে সচেনতন লোকৰ লগতে স্থানীয় দল-সংগঠনে ৷

লগতে পঢ়ক: এতিয়া কিহত ব্যস্ত ৰাখিছে আপোনাৰ শিশুটি !

Last Updated : Jun 14, 2021, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.