ETV Bharat / state

ক'ভিড নিৰ্দেশনা অবিহনে নতুন শিক্ষা বৰ্ষ আৰম্ভ - উৎসৱ বিদ্যাৰম্ভ

1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চৰকাৰী বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষ ৷ পোন প্ৰথমবাৰৰ বাবে "উৎসৱ বিদ্যাৰম্ভ" হিচাপে বৃহস্পতিবাৰৰ দিনটো পালনৰ নিৰ্দেশ দিছে ৷

ক'ভিড নিৰ্দেশনা অবিহনে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ল নতুন শিক্ষা বৰ্ষ

author img

By

Published : Apr 1, 2021, 4:24 PM IST

শিৱসাগৰ,1 এপ্ৰিল: ৰাজ্যত বৃহস্পতিবাৰ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চৰকাৰী বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষ ৷ শিক্ষা বিভাগে পোন প্ৰথমবাৰৰ বাবে "উৎসৱ বিদ্যাৰম্ভ" হিচাপে বৃহস্পতিবাৰৰ দিনটো পালনৰ নিৰ্দেশ দিছে ৷ কিন্তু মহামাৰী ক'ৰণাৰ বাবে ধাৰ্য কৰা নাই কোনো বিশেষ নিয়ম ৷ বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত কলপুলি ৰোপণ কৰি ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই নতুন শিক্ষাবৰ্ষৰ বাবে স্বাগতম জনোৱাৰ নিৰ্দেশ দিয়াত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাসকল ৷ যিটো সময়ত দেশত প্ৰতিদিনে প্ৰায় ৬০ হাজাৰ লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈ আছে, সেই সময়তে চৰকাৰী বিদ্যালয়ৰ শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সময়ত ক’ভিড সম্পৰ্কে কোনো নিৰ্দেশনা নাই ৰাজ্য চৰকাৰৰ ।

ক'ভিড নিৰ্দেশনা অবিহনে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ল নতুন শিক্ষা বৰ্ষ

আন আন জিলাৰ লগতে শিৱসাগৰ জিলাতো আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান ৷ কিন্তু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে তাৎক্ষণিক আদেশ জাৰি কৰি সকলো স্বাস্থ্য কৰ্মী, চিকিৎসক, নাৰ্চ আদিৰ ছুটী বাতিল কৰিছে যদিও একে সময়তে কণ কণ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হোৱা শিক্ষা বৰ্ষত নাই ক'ভিড প্ৰতিৰোধৰ কোনো নিৰ্দেশনা । কোনোৱে মাক্স পৰিধান কৰিছে, কোনোৱে কৰা নাই । হাত ধোৱাৰ ক্ষেত্ৰতো কোনো নিৰ্দিষ্ট ব্যৱস্থা নাই।

ইফালে, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদানত মৌখিক নিৰ্দেশ দিয়াৰ বাবে এতিয়া কোনো শ্ৰেণীকোঠাত সামাজিক ব্যৱধান মানি চলা নহ'ব । এনে পৰিস্থিতিৰ মাজেৰে অসম চৰকাৰৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে মানৱ সম্পদ গঢ়াৰ শিক্ষাবৰ্ষৰ কাৰ্যসূচী ।

লগতে পঢ়ক: দৰং-ওদালগুৰিত ভোটাৰৰ দীঘলীয়া শাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.