ETV Bharat / state

আজি পৰ্যন্ত চৰকাৰী স্বীকৃতি নোপোৱা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথাৰে... - নোমল বৰগোহাঁই

শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মাউৎ গাঁৱৰ এগৰাকী মুক্তিযোদ্ধা হ’ল নোমল বৰগোহাঁই ৷ ১০৭ বছৰ গৰকা এই গৰাকী স্বাধীনতা সংগ্ৰামীয়ে কঢ়িয়াই লৈ ফুৰিছে স্বাধীনতাৰ যুঁজৰ বহু কাহিনী ৷

Nazira Freedom fighter Nomal bargohain
মহাত্মা গান্ধীক লগ পোৱা এগৰাকী মুক্তিযোদ্ধা
author img

By

Published : Aug 15, 2020, 1:22 PM IST

নাজিৰা,15 আগষ্টঃ শতবৰ্ষ গৰকা এগৰাকী স্বাধীনতা সংগ্ৰামী ৷ স্বাধীনতা আন্দোলনৰ প্ৰতিটো কথাই আজিও সজীৱ কৰি ৰাখিছে এইগৰাকী ব্যক্তিয়ে ৷ জাতিৰ পিতা মহাত্মা গান্ধীক লগ পোৱা এইগৰাকী মুক্তিযোদ্ধাই বৃটিছ পুলিছৰ হাতত আটক হৈ খাটিছিল কাৰাবাস ৷

মুক্তিযোদ্ধা নোমল বৰগোহাঁই

শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ মাউৎ গাঁৱৰ এগৰাকী মুক্তিযোদ্ধা হ’ল নোমল বৰগোহাঁই ৷ ১০৭ বছৰ গৰকা এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে কঢ়িয়াই লৈ ফুৰিছে স্বাধীনতা যুঁজৰ বহু কাহিনী ৷ জাতিৰ পিতাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বাধীনতা সংগ্ৰামত নামি পৰা নোমল বৰগোহাঁইয়ে কিন্তু আজি পৰ্যন্ত লাভ কৰা নাই চৰকাৰী স্বীকৃতি ৷ বহু আৱেদন-নিৱেদনৰ পাচতো বৃদ্ধ পেঞ্চনৰ নামতো মাহে 250 টকা পোৱা এইগৰাকী মুক্তিযোদ্ধাই জীৱনৰ বিয়লি বেলাত বাঁহৰ ঢাৰি, বিচনী বনাই অৰ্জন কৰিছে জীৱিকা ৷

দেশৰ স্বাধীনতাত অৰিহণা আগবঢ়োৱা এইগৰাকী সেনানীৰ ত্যাগ আৰু দেশপ্ৰেমে জীৱনৰ বিয়লি বেলাত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবনে ? সেইয়া সম্প্ৰতি হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক-গোৱালপাৰা, নগাঁও আৰু শোনিতপুৰত স্বাধীনতা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.