ETV Bharat / state

Protest at Amguri: অসম চাহ জনজাতি ছাত্ৰ সন্থাই জ্বলালে মন্ত্ৰী সঞ্জয় কিষাণৰ জুমুঠি

শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ হালোৱাটিঙত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ জুমুঠি দাহ কৰি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমগুৰি শাখাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Minister Sanjay Kishan effigy burnt) ৷

Minister Sanjay Kishan Effigy Burned in Amguri
আমগুৰিত জ্বলিল সঞ্জয় কিষাণৰ প্ৰতিকৃতি
author img

By

Published : Apr 17, 2023, 2:14 PM IST

Updated : Apr 17, 2023, 3:34 PM IST

মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

আমগুৰি, 17 এপ্ৰিল: শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ হালোৱাটিঙত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমগুৰি শাখাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (ATTSA Protest Against Minister Sanjoy Kishan) ৷

শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত বিসংগতি আৰু দুৰ্নীতি হোৱাৰ অভিযোগ আনি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমগুৰি শাখাই শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ শিৱসাগৰ আৰু নাজিৰা মহকুমাত ৰূপায়িত হোৱা চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা প্ৰদান কৰা শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত ব্যাপক বিসংগতি আৰু দুৰ্নীতি হোৱাৰ অভিযোগ আনে চাহ জনজাতি ছাত্ৰ সন্থা আমগুৰি শাখাই (Minister Sanjoy Kishan Effigy Burnt at Amguri) ৷

সংগঠনটোৱে সন্তোষ কুমাৰ ঠাকুৰ নামৰ অন্য সম্প্ৰদায়ৰ এজন ব্যক্তিকো শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত অন্তৰ্ভুক্ত কৰা অভিযোগ আনিছে ৷ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত সম্পূৰ্ণ ৰাজনীতিকৰণ কৰি বিজেপি নেতা-পালিনেতাৰ আত্মীয়ক অন্তৰ্ভুক্ত কৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ আনিছে সংগঠনটোৱে (Assam Tea Tribes Students Association) ৷

মন্ত্ৰী সঞ্জয় কিষাণ হায় হায়, চাহ জনজাতি কল্যাণ সঞ্চালকালয় হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, পল্লৱ লোচন হায় হায়, কামাখ্যা প্ৰসাদ তাচা হায় হায় শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে (ATTSA Protest at Amguri) ৷

আনহাতে চাহ জনজাতি কল্যাণ পৰিষদৰ অধীনত যিসকল নিবনুৱা যুৱক-যুৱতী আৰু উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে যি সাহাৰ্য লাভ কৰে সেই সাহাৰ্যও যোগ্য়জনক বঞ্চিত কৰি অযোগ্যজনক দিয়াৰ অভিযোগ তোলে সংগঠনটোৱে ৷

লগতে পঢ়ক: Traffic cop on car bonnet: গাড়ীৰ বনেটত উঠাই এজন যান বাহন আৰক্ষীক 20 কিঃমিঃ দূৰলৈ লৈ গ’ল ড্ৰাগছ আসক্ত যুৱকে

Last Updated : Apr 17, 2023, 3:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.