শিৱসাগৰ, 4 নৱেম্বৰ: দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলি থকাৰ সময়তে শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । তেওঁ শিৱসাগৰৰ তিনিওটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ দাবী কৰে ৷ তেওঁ সমষ্টিটোত বৰ্তমান বিৰোধী শূন্য বুলি উল্লেখ কৰি অধিক ভোটৰ ব্যৱধানত দলটোক জয়ী কৰোৱাৰ বাবে আলোচনা কৰিবলৈহে সমষ্টিলৈ অহাৰ কথা জানিবলৈ দিয়ে(Deori Autonomous Council Election 2022) ৷
মন্ত্ৰী বৰুৱাই লগতে দেউৰী জনগোষ্ঠীৰ অৰ্থনৈতিক, সামাজিক তথা আন্তঃগাঁঠনি উন্নয়ন কৰি সমানে আগুৱাই নিয়াৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে দেউৰী জনগোষ্ঠীৰ সমস্যা, অভাৱ আভিযোগসমূহৰো বুজ ল'ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে এই আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি উল্লেখ কৰি কংগ্ৰেছৰ ঔৰসতে এই আই ইউ ডি এফৰ জন্ম বুলি দলটোক কটাক্ষ কৰে ।
মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ(Sivasagar DC office) প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ বেঠকত অংশগ্ৰহণ কৰে । বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা প্ৰশাসন, জনস্বাস্থ্য কাৰিকৰী বিভাগ সৈতে মূলতঃ জল জীৱন মিচন আঁচনি আৰু পৰ্যটন ক্ষেত্ৰ সন্দৰ্ভত আলোচনা কৰে । জিলাখনত জল-জীৱন মিচনৰ কাম খৰকতীয়া কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
বৈঠকৰ শেষত তেওঁ সাংবাদিকৰ আগত শিৱসাগৰৰ পৰ্যটন খণ্ড কেনেকৈ তৰাম্বিত কৰিব পৰা যায় আৰু পৰ্যটক আহিলে কিদৰে ক'ত থাকিব, তেওঁলোকক সঠিক গাইড কিদৰে দিব পৰা যায় এই বিষয়ে আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইপিনে জল-জীৱন মিচনে বহু এলেকা ঢুকি নোপোৱা আৰু বহু ঠাইত পানী নোলোৱা বুলি সাংবাদিকে মন্ত্ৰীগৰাকীক অৱগত কৰাত তেওঁ অচিৰেই এনে সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে ।
তেওঁ ২০২৪ ৰ ভিতৰত প্ৰতিঘৰ মানুহলৈ পানী দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ বাবে এইমাহৰ পৰাই আত্মসহায়ক গোটসমূহে ঘৰে ঘৰে গৈ পানীৰ টেপ, পাইপ আদি নিৰীক্ষণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে এটা এপৰ জৰিয়তে নিৰ্দিষ্ট স্থানৰ পৰা ফটো ভিডিঅ' প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ।
আনহাতে ক’ভিড ১৯ৰ সময়ত ৰোগীৰ সেৱাত নিয়োজিত হৈ থাকোঁতে মৃত্যু হোৱা বহু কৰ্মচাৰীয়ে এই পৰ্যন্ত চৰকাৰে পূৰ্বতে ঘোষণা কৰা ৫০ লাখ টকাৰ ক্ষতিপূৰণ কিয় দিয়া নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- যদি কোনোবাই নাই পোৱা তথ্য প্ৰমাণসহ স্পষ্টকৈ অৱগত কৰক চৰকাৰক । চৰকাৰে নিশ্চয় পদক্ষেপ ল'ব ।