ETV Bharat / state

Me Dem Me Fi 2023 : টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমগুৰিত মে-ডাম-মে-ফি - টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমগুৰিত

আজি পৱিত্ৰ মে-ডাম-মে-ফি ৷ আমগুৰিত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে পৱিত্ৰ মে-ডাম-মে-ফি (Me Dem Me Fi celebration in Sivsagar) ৷

Me Dem Me Fi celebration in Sivsagar
টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমগুৰিত মে-ডাম-মে-ফি
author img

By

Published : Jan 31, 2023, 11:24 AM IST

টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমগুৰিত মে-ডাম-মে-ফি

আমগুৰি,৩১ জানুৱাৰী: আজি টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফি ৷ পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে টাই আহোমসকলে পালন কৰিছে মে-ডাম-মে-ফি (Me Dem Me Fi celebration in Assam )৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিতো উদযাপন কৰা হৈছে পৱিত্ৰ মে-ডাম-মে-ফি ৷ আমগুৰিৰ ৰঘূতলত সদৌ টাই আহোম ছাত্ৰ সন্থাই উদযাপন কৰিছে মে-ডাম-মে-ফি অনুষ্ঠানৰ ৷

টাই পণ্ডিতে উপৰিপুৰুষ সকলক স্মৰণ কৰিবৰ বাবে ১০ খনকৈ মেহেঙা পাতি টাই আহোম পৰম্পৰাৰে পূজা-পাতল কৰি বিশ্ব শান্তিৰ বাবে কামনা কৰে । মে-ডাম-মে-ফিৰ অৰ্থ হ’ল- “মে” মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, “ডাম”- মানে মৃতক আৰু “ফী”- মানে হ’ল দেও বা দেৱতা । টাই আহোম সকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰপৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি জনবিশ্বাস প্ৰচলিত । মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানতে চাওফী (পূৰ্ব্ব-পুৰুষসকল) আৰু ’ডাম চাও-ফী’ সকলক পূজা কৰা হয় (Me Dam Me Phi 2023)।

Me Dem Me Fi celebration in Sivsagar
টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমগুৰিত মে-ডাম-মে-ফি

টাই পণ্ডিতে দহখনলৈ মেহেঙা পাতি ধূপ-দীপ-নৈবেদ্য, বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য নৈবেদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ'ল খাও খাম,আই লেংদিন,জা চিং ফা, জান-চাই-হাং,লেংদন,চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী,ৰা-খিম, বা-খিন । টাই এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয় । অন্যান্য পৰম্পৰাৰ দৰে মে-ডাম-মে-ফি পালনৰ বাবেও নীতি-নিয়ম আছে যাক টাই আহোম ভাষাত "খয়েক লাই" বুলি জনা যায় ৷

আমগুৰিৰ ৰঘূতলত সদৌ তাই আহোম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে স্থানীয় লোকৰ সহযোগত মে-ডাম-মে-ফি অনুষ্ঠান পালন কৰি আহিছে (Sadao Tai Ahom Chhatra santha) । উল্লেখ্য যে চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়েই ’মে ডাম মে ফি ’ উদযাপন কৰিছিল । নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্ত্তন কৰিবলৈ পূৰ্ব্ব পুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ ’মে ডাম মে ফি’ পাতিছিল । এইখন পূজাৰ পিচত তেওঁ চৰাইদেইৰ নামনি ভাগত লাঙটেওকাটত ’মে ডাম মে ফি’ পাতে ।

চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্ব্ব-পুৰুষ আৰু দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি স্বৰ্গদেৱে ’মে-ডাম-মে-ফি’ পাতিছিল । পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত ’মে-ডাম-মে-ফি’ পাতিছিল । ১৪৯৭-১৫৩৯ লৈ শায়ন কৰা দিহিঙ্গীয়া ৰজা চ্যুহুং-মুঙে চুতীয়া আৰু কছাৰীসকলক পৰাজয় কৰাৰ পিচত ৰাজ্যজুৰি ’মে ডাম মে ফি ’ আৰু ৰিখন উৎসৱ পাতিছিল । চুখামফা (খোৰাৰজাই) কোঁচসকলৰ লগত সন্ধি স্থাপন হোৱাৰ লগে লগে মে ডাম মে ফি পাতিছিল । কছাৰীসকল আৰু মোগলক পৰাস্ত কৰি চ্যু-ক্লে-মুঙ (গড়-গঙা ৰজা) (১৫৩৯-১৫৫২) স্বৰ্গদেৱেও মে ডাম মে ফি উদযাপন কৰিছিল ।

চ্যু-চেংফা (প্ৰতাপ সিংহ) (১৬০৩-১৬৪১) কছাৰী দমনৰ বাবে আৰু মোগলৰ লগত যুঁজ দিয়াৰ আগতে আৰু যুদ্ধত জিকি উলহ-মালহেৰে এই ধৰ্মীয় উৎসৱ তিনিবাৰকৈ পালন কৰা হৈছিল । এনেদৰে দেখা যায় যে, টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে ফি অনুষ্ঠান চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ পিচৰপৰাই প্ৰজা আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ বাবে আয়োজন কৰি আহিছিল । সেই পৰম্পৰা আৰু ঐতিহ্যমণ্ডিত পুৰ্বপুৰুষক সোঁৱৰি আজিও টাই আহোমসকলে বিভিন্ন স্থানত ব্যাপক আয়োজনেৰে অনুষ্ঠিত কৰি আহিছে মে-ডাম-মেফি ।

লগতে পঢ়ক : Child labour rescued in Dhubri: ধুবুৰীত ১৫ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.