ETV Bharat / state

শিৱসাগৰত বিটু সোণোৱাল আৰু মানস কোঁৱৰক উস্ম আদৰণি

author img

By

Published : Aug 11, 2020, 9:54 PM IST

শিৱসাগৰত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ ৷ দ'লমুখ চাৰিআলিত প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 2021 চনৰ বিধান সভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিব বুলিও প্ৰতিবাদকাৰী সকলে মন্তব্য প্ৰদান কৰে ৷

Massive Protest in Sivsagar District, Protesters Demand release to akhil gogoi
শিৱসাগৰত বিটু সোণোৱাল আৰু মানস কোঁৱৰক কৃষক মুক্তিৰ উস্ম আদৰণি

শিৱসাগৰ,নাজিৰা, 11 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাসৰ সমান্তৰালকৈ অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইনৰ লগতে 'কা' বিৰোধী সকলো কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ বাবে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ অসমৰ বিভিন্ন প্ৰান্তত দল সংগঠনৰ লগতে ৰাজ্যৰ সচেতন মহলে প্ৰতিবাদ অব্য়াহত ৰাখিছে ৷

মঙলবাৰে পুনৰ শিৱসাগৰত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্য়স্ত কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু বহু কেইটা দল সংগঠনৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ শিৱসাগৰ চহৰৰ দ'লমুখ চাৰিআলিত প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে, মঙলবাৰৰ প্ৰতিবাদত উপস্থিত থাকে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ আৰু বিটু সোণোৱাল ।

আনহাতে, শেহতীয়াকৈ অসম চৰকাৰে শিল্পী জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়াকলৈয়ো মন্তব্য প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে, 2021 চনৰ বিধান সভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিব বুলিও প্ৰতিবাদকাৰী সকলেও মন্তব্য প্ৰদান কৰে ৷

ইফালে, 'কা' বিৰোধী আন্দোলনত কাৰাৰুদ্ধ হোৱা কৃষক নেতা মানস কোঁৱৰ যোৰহাট কাৰাগাৰত 19 দিন আৰু গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় 173 দিন কাৰাৰুদ্ধ হোৱাৰ পিচত মানস কোঁৱৰক শেহতীয়াকৈ NIA ৰ আদালতে জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছে । মানস কোঁৱৰৰ মুক্তিৰ পিচতেই মঙলবাৰে গৃহ চহৰ শিমলুগুৰিত উপস্থিত হয় মানস কোঁৱৰ ৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰ পোৱাৰ লগে লগে তেওঁৰ সমৰ্থকসকলে অধিক উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ লগতে, বিভিন্ন দল সংগঠনৰ সদস্য আৰু শিমলুগুৰি ৰাইজে কৃষক নেতা গৰাকীক আদৰণি জনাই ৷ ইফালে, নেতা গৰাকী গৃহ চহৰত উপস্থিত হোৱাৰ পিচতে পুনৰ 'কা' আন্দোলন সক্ৰিয় কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.